নগাঁৱত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নগাঁও জিলাৰ বেবেজীয়া পহৰা আৰক্ষী চকীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান।
এক গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে বেবেজীয়া আৰক্ষী বিষয়া কল্যান গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বুজন পৰিমাণৰ হেৰ'ইন সহ এজন এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰাকেশ বণিয়া। ঘৰ টোকোলাই বেবেজীয়াত।উল্লেখযোগ্য যে বেবেজীয়াৰ পৰা কুৰুৱাবাহী যোৱাৰ পথত এখন দোকানৰ সন্মুখত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ড্ৰাগচছ সহ যুৱকজনক আটক কৰে আৰক্ষীয়ে।পৰবৰ্তী সময়ত ড্ৰাগছ সৰবৰাকাৰীটোৰ টোকোলাই বেবেজীয়াৰ বাসগৃহত অভিযান চলাই ১৫টা হেৰ'ইন ভৰ্তি কন্টেনাৰ আৰু ৫০ খালী কন্টেইনাৰৰ লগতে নগদ ধনো জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষী যুৱকজনক জেৰা অব্যাহত ৰাখিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : December 28, 2022, 04:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।