Batadrawa Incident: বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰিবলৈ কেইবাগৰাকীও মহিলাক আশ্বিকুলে উচটনি দিয়াৰ ভিডিঅ' সংবাদ মাধ্যমত ভাইৰেল হৈছিল। ই
Batadrawa Incident: বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰিবলৈ কেইবাগৰাকীও মহিলাক আশ্বিকুলে উচটনি দিয়াৰ ভিডিঅ' সংবাদ মাধ্যমত ভাইৰেল হৈছিল। ই
নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী গোটৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে বটদ্ৰৱা থানা (Batadrawa Police Station) আক্ৰমণ কাণ্ডৰ আন এজন মুল অভিযুক্ত আশ্বিকুল ইছলাম। ধিং আৰক্ষীৰ সহযোগত অভিযান চলাই আশ্বিকুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে সংবাদ মাধ্যমক বৰ্তমানলৈকে আৰক্ষীয়ে সবিশেষ তথ্য প্ৰকাশ কৰা নাই।
উল্লেখযোগ্য যে বটদ্ৰৱা থানাত অগ্নিসংযোগ (Batadrawa Incident) কৰিবলৈ কেইবাগৰাকীও মহিলাক আশ্বিকুলে উচটনি দিয়াৰ ভিডিঅ' সংবাদ মাধ্যমত ভাইৰেল হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে মুল অভিযুক্তৰ তালিকাত সন্নিবিষ্ট কৰিছিল আশ্বিকুলৰ নাম।
ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰা আশ্বিকুলে আত্মগোপন কৰি আছিল। বৰ্তমানেও আৰক্ষীয়ে আশ্বিকুলক ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল সেই সন্দৰ্ভত কোনো তথ্য সংবাদ মাধ্যমক সদৰি কৰা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|