உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • বটদ্ৰৱাত গৃহৰক্ষী বাহিনী জোৱানৰ ঘৰত ওলাল বুজন পৰিমাণৰ ড্ৰাগছসহ সজীৱ গুলী ...

    বটদ্ৰৱাত গৃহৰক্ষী বাহিনী জোৱানৰ ঘৰত ওলাল বুজন পৰিমাণৰ ড্ৰাগছসহ সজীৱ গুলী ...

    গৃহৰক্ষী বাহিনীৰ জোৱানৰ ঘৰত ওলাল নিষিদ্ধ ড্ৰাগছৰ লগতে সজীৱ গুলী ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত এইবাৰ বটদ্ৰৱাৰ ধনীয়াভেটি চৌৰাপাৰাৰ গৃহৰক্ষী জোৱান মজিবুৰ ৰহমানৰ ঘৰত চলিল ড্ৰাগছ বিৰোধী অভিযান ৷

    • Share this:
    বেজৰ নাকতেই খৰ ৷ গৃহৰক্ষী বাহিনীৰ জোৱানৰ ঘৰত ওলাল নিষিদ্ধ ড্ৰাগছৰ লগতে সজীৱ গুলী ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত এইবাৰ বটদ্ৰৱাৰ ধনীয়াভেটি চৌৰাপাৰাৰ গৃহৰক্ষী জোৱান মজিবুৰ ৰহমানৰ ঘৰত চলিল ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষীৰ অভিযানত জব্দ নিসিদ্ধ ড্ৰাগছৰ লগতে দহ জাঁইকৈ সজীৱ গুলী।

    দীৰ্ঘদিন ধৰি নিসিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে স্থানীয় ৰাইজে আৰক্ষীক অভিযোগ দাখিল কৰি আহিছিল যদিও আৰক্ষীৰ নাকৰ তলেৰেই গৃহৰক্ষী জোৱানজনে চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। খাকী পোছাকক কলংকিত কৰা এই গৰাকী বটদ্ৰৱা ধনীয়াভেটি চৌৰাপাৰা গাঁৱৰ মজিবুৰ ৰহমানৰ ঘৰত আৰক্ষীয়ে ব্যৱহাৰ কৰা থ্ৰী নট থ্ৰী ৰাইফলৰ দহ জাঁই সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । জনতাৰ জনহিতাৰ্থে নিয়োজিত আৰক্ষী বাহিনীৰ জোৱানৰ গৃহত এনেকৈ নিষিদ্ধ ড্ৰাগছ আৰু সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ নগাঁও জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    উল্লেখ্য যে, গৃহৰক্ষী জোৱান মজিবুৰ ৰহমান হোজাই জিলাৰ শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীৰ পৰা যোৱা ৩০ নৱেম্বৰত অব্যাহতি লৈ ঘৰলৈ আহিছিল ৷
    Published by:Kokil Sarma
    First published: