• Home
  • »
  • News
  • »
  • crime
  • »
  • Drugs: পুখুৰীত জাঁপ দিও ৰক্ষা নপৰিল ছানিদুল, ড্ৰাগছসহ আটক

Drugs: পুখুৰীত জাঁপ দিও ৰক্ষা নপৰিল ছানিদুল, ড্ৰাগছসহ আটক

  • Share this:
বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই সোমবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা যুৱকজনৰ নাম ছানিদুল মণ্ডল বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছসহ আটক কৰা ছানিদুল মণ্ডলৰ ঘৰ বাঘবৰত ৷

বৰপেটাৰোডৰ আলআমিন নগৰত ভাৰাতীয়া হিচাপে থাকি ছানিদুলে ড্ৰাগছৰ ব্যবসায় কৰি আহিছিল বুলি এক গোপন সুত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে খবৰ লাভ কৰিছিল ৷ সেইমৰ্মে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই অসামৰিক পোচাকত ড্ৰাগছ ব্যৱসায়ীজনক কৰায়ত্ত কৰিবলৈ অভিযান চলাইছিল যদিও ড্ৰাগছ ব্যৱসায়ী ছানিদুল মণ্ডলে আৰক্ষীক প্ৰত্যক্ষ কৰি পুখুৰীত জপিয়াই দিয়ে ৷ পাছত ড্ৰাগছ ব্যৱসায়ী ছানিদুল মণ্ডলৰ পৰা  ড্ৰাগছ ভৰ্তি ২৩টা কন্টেইনাৰসহ আটক কৰে ৷ ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা নগদ ১৫ হাজাৰ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
Published by:Manjumoni Borah
First published: