বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে দুজনকৈ ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ আসক্ত যুৱকদ্বয়ৰ নাম শ্বাহিল আলম আৰু মনোজ ৰাজভৰ ৷
বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে দুজনকৈ ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ আসক্ত যুৱকদ্বয়ৰ নাম শ্বাহিল আলম আৰু মনোজ ৰাজভৰ ৷
বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে দুজনকৈ ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ আসক্ত যুৱকদ্বয়ৰ নাম শ্বাহিল আলম আৰু মনোজ ৰাজভৰ ৷ যুৱকদ্বয়ৰ পৰা ড্ৰাগছ ভৰ্তি ২৮ টা কন্টেইনাৰো জব্দ কৰিছে আৰক্ষীয়ে ৷
যুৱকদ্বয়ে ২৮ টা কন্টেইনাৰ ভৰ্তি ড্ৰাগছ কলা পলিথিনেৰে মেৰিয়াই লৈ বৰপেটাৰোডৰ মিনি ষ্টেডিয়ামত আহিছিল ৷ সেইসময়ত স্থানীয় দুজন লোকে প্ৰত্যক্ষ কৰি ড্ৰাগছ বুলি সন্দেহ কৰি বৰপেটা ৰোড আৰক্ষীক খবৰ দিয়ে । বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ড্ৰাগছ সৰবৰাহকাৰী যুৱকদ্বয়ক আটক কৰে ৷ আটকধীন যুৱক শ্বাহিল আলমৰ ঘৰ ৰঙিয়াত আৰু মনোজ ৰাজভৰৰ ঘৰ গোৱৰ্ধনা জাখলিবিল পাথাৰত বুলি জানিব পৰা গৈছে ৷ শ্বাহিল আলম নামৰ যুৱকজনে বৰপেটাৰোডত ভাৰাতীয়া হিচাপে থাকি মনোজ ৰাজভৰৰ সৈতে ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছ সৰবৰাহ কৰি আহিছিল বুলি জানিব পৰা গৈছে ৷ দুয়োজন যুৱকক বৰপেটাৰোড আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|