বৰপেটাৰোডৰ ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথ অভিযান চলাই ১০ কিলো গাঞ্জা সহ দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ বৰপেটাৰোডৰ ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথ অভিযান চলাই ১০ কিলো গাঞ্জা সহ দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ বৰপেটাৰোডৰ ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথ অভিযান চলাই ১০ কিলো গাঞ্জা সহ দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ গাঞ্জা সৰবৰাহকাৰী দুজন হল শুকুৰ আলী আৰু নাজমা খাতুন ৷
ধৃত নাজমা খাতুনৰ ঘৰ কয়াকুছিৰ ভক্তৰদবাৰ সমীপৰ হেলচা পামত আৰু শুকুৰ আলীৰ ঘৰ বৰপেটাৰোডৰ নিচুকাত বুলি জানিব পৰা গৈছে ৷ বুধবাৰে পুৱতি নিশা বৰপেটাৰোডৰ পৰা নামনিমুৱা অবধ আছাম এক্সপ্ৰেছ ৰেল যোগে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ যাবলৈ বৰপেটাৰোড ৰেল ষ্টেচনলৈ আহিছিল ৷ গাঞ্জা সৰবৰাহকাৰী দ্বয়ে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত ৰেলৰ বাবে অপেক্ষা কৰি থাকোতে ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথভাৱে তালাচী চলাই থকাৰ সময়ত গাঞ্জা সহ দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ দুয়োকে ৰেল আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰে।
Published by: Kokil Sarma
First published: February 02, 2022, 18:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|