বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰোডৰ বেঁকী নৈৰ পাৰৰ বালাভিঠাৰ পৰা এখন সোণৰ নাও সহ দুজন যুৱকক আটক কৰে ৷ আটকাধীন যুৱকদ্বয়ৰ নাম ছাদ্দাম আলী আৰু নবী হুছেইন ৷ বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰোডৰ বেঁকী নৈৰ পাৰৰ বালাভিঠাৰ পৰা এখন সোণৰ নাও সহ দুজন যুৱকক আটক কৰে ৷ আটকাধীন যুৱকদ্বয়ৰ নাম ছাদ্দাম আলী আৰু নবী হুছেইন ৷ বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰোডৰ বেঁকী নৈৰ পাৰৰ বালাভিঠাৰ পৰা এখন সোণৰ নাও সহ দুজন যুৱকক আটক কৰে ৷ আটকাধীন যুৱকদ্বয়ৰ নাম ছাদ্দাম আলী আৰু নবী হুছেইন ৷ দুয়োজন যুৱকৰ ঘৰ লখিমপুৰৰ নাওবৈচাত বুলি জানিব পৰা গৈছে ৷
বৰপেটাৰোডৰ বেঁকী নৈৰ পাৰৰ বালাভিঠাৰ ৰহম আলী নামৰ এজন লোকৰ ঘৰত বিগত এবছৰ ভাৰাতীয়া হিচাপে আছিল যুৱকদ্বয়। স্থানীয় লোকে বিগত এবছৰৰ পৰাই যুৱকদ্বয়ৰ চালচলনৰ ওপৰত সন্দেহ কৰি আহিছিল ৷ শুকুৰবাৰে বিয়লিৰ ভাগত উক্ত ভাৰাঘৰত অইন দুজন যুৱকো সোমোৱা ৰাইজে প্ৰত্যক্ষ কৰে ৷ সেইসময়ত স্থানীয় লোকে ভাড়া ঘৰত প্ৰৱেশ কৰি যুৱকদ্বয়ক সোধাপোছা কৰি থকাৰ সময়তে লোক দুজনে পলায়ন কৰে ৷ পাছত স্থানীয় লোকে লখিমপুৰৰ উক্ত যুৱকদ্বয়ক উত্তম মাধ্যম শোধাবলৈ লওঁতে যুৱকদ্বয়ে প্ৰথমতে মাছৰ ব্যৱসায় কৰা বুলি কয় যদিও পাছত সোণৰ ব্যৱসায় কৰা বুলি স্বীকাৰ কৰি প্ৰায় দুই কিলো ওজনৰ এখন সোণৰ নাও স্থানীয় ৰাইজক দেখুৱায় ৷ স্থানীয় ৰাইজে উক্ত সোণৰ নাও প্ৰত্যক্ষ কৰি সন্দেহ হোৱাত বৰপেটাৰোড আৰক্ষীক খবৰ দিয়ে ৷ বৰপেটাৰোড আৰক্ষীয়ে বেঁকী নৈৰ পাৰৰ বালাভিঠাত উপস্থিত হৈ সোণৰ নাওসহ যুৱকদ্বয়ক কৰায়ত্ত কৰে ৷ সম্প্ৰতি যুৱকদ্বয়ক আৰক্ষীয়ে বৰপেটাৰোড আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷
Published by: Kokil Sarma
First published: May 14, 2022, 14:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|