• Home
  • »
  • News
  • »
  • crime
  • »
  • Bike Thief : বাইক চোৰৰ পৰা কিনিছিল নেকি চুৰি বাইক, অনতি পলমে জমা দিয়ক থানাত, নহ'লে পৰিব বিপদত।

Bike Thief : বাইক চোৰৰ পৰা কিনিছিল নেকি চুৰি বাইক, অনতি পলমে জমা দিয়ক থানাত, নহ'লে পৰিব বিপদত।

ৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই ৬টা বাইক চোৰসহ চাৰিখন চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

ৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই ৬টা বাইক চোৰসহ চাৰিখন চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

ৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই ৬টা বাইক চোৰসহ চাৰিখন চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

  • Share this:
বাইক চোৰৰ পৰা কোনো লেকে যদি চুৰি বাইক কিনিছিল তেন্তে অনতি পলমে থানাত জমা দিবলৈ আহ্বান জনাইছে বৰপেটাৰোড আৰক্ষীয়ে। আজি ৬টা বাইক চোৰ ধৰাৰ পাছত চুৰি বাইক কিনা লোকসকলৰ প্ৰতি এই আহ্বান আৰক্ষীৰ।

দীৰ্ঘদিন ধৰি বৰপেটাৰোড চহৰৰ পৰা সঘনাই বাইক চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে ৷ বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই ৬টা বাইক চোৰসহ চাৰিখন চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে আটক কৰা বাইকচোৰ কেইটা হল চাৰাঙৰ ক্ৰমে ইলিয়াছ আলী, জছৰ আলী, মনিৰুল শ্বেখ, খুৰশ্বিদ আলম আৰু বঙাইগাঁৱৰ ৰফিকুল ইছলাম আৰু মইনুল হক ৷

বৰপেটাৰোড আৰক্ষী থানাত বাইক চুৰি সংক্ৰান্তত  339/21 নম্বৰত পঞ্জীভূত হৈ থকা এক গোচৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত যোৱা ৩০ জুনৰ পৰা ৬ জুলাইলৈকে অভিযান চলাই ছজনকৈ চোৰক কৰায়ত্ত কৰা হৈছে ৷ বৰপেটাৰোড আৰক্ষীয়ে বাইক চোৰ ছজনক আদালতত হাজিৰ কৰায়।

বৰপেটাৰোড আৰক্ষীয়ে  যিসকল লোকে চোৰৰ পৰা চুৰি বাইক ক্ৰয় কৰিছে সেইসকলক সেই বাইক সমূহ অনতি পলমে আৰক্ষী থানাত চমজাই দিবলৈ অনুৰোধ জনাইছে ৷ অন্যথা চুৰি বাইক ক্ৰয় কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি সকীয়াই দিছে আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published: