বৰপেটাৰোড আৰক্ষীৰ পুনৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত ২২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক দুজন ড্ৰাগছ সৰবহকাৰী।
বৰপেটাৰোড আৰক্ষীৰ পুনৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত ২২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক দুজন ড্ৰাগছ সৰবহকাৰী।
বৰপেটা ৰোড আৰক্ষী থানৰ অন্তৰ্গত ভালুকী গাঁৱত বৰপেটা ৰোড আৰক্ষীৰ এই অভিযান। গোপন খবৰৰ ভিত্তিত চলা এই অভিযানত ২২ টা ড্ৰাগছ ভৰ্তি সহ দুজন লোকক আটক কৰা হয় ।
ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে ভালুকী গাঁৱৰ মহিদুল ইছলাম (২৯)আৰু আন গৰাকী হৈছে বালাভিঠা গাঁৱৰ জাহিৰ শ্বাহ (২২) । বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছৰ পৰিমাণ ৩২.৫৭ গ্ৰাম। ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকীক আটক কৰি বৰপেটাৰোড আৰক্ষী থানালৈ লৈ আহে । অধিক তথ্যৰ বাবে লোক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|