বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ চক্ৰৰ খলনায়ক খাইৰুল ইছলামৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷ পিছে গৰু চিণ্ডিকেট চক্ৰৰ মূল মাফিয়াটোক গ্ৰেপ্তাৰৰ আৰত অন্য কোনো ৰহস্য আছে নেকি? নে চমক সৃষ্টিৰে গো মাফিয়া খাইৰুল ইছলামক গ্ৰেপ্তাৰতে সীমাৱদ্ধ থাকিব সকলো তদন্ত তাকে লৈ আৰম্ভ হৈছে চৰ্চা ৷ আনকি এই লৈ বৰপেটাৰ বিভিন্ন দল সংগঠনে উত্থাপন কৰিছে বহু প্ৰশ্নৰ ৷
ইপিনে ৫ দিনৰ আৰক্ষী জিম্মাত থকা গৰু চিণ্ডিকেট চক্ৰৰ মুল খলনায়ক খাইৰুল ইছলামক হাউলী থানাত সম্পূৰ্ণ ৰাজ আতিথ্যত ৰখা হৈছে বুলি গুৰুতৰ অভিযোগ উঠিছে ৷ লকআপৰ সলনি থানাৰ আন এটা কোঠাত ৰাজ আতিথ্য দি ৰখাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ। খাইৰুল ইছলামে বিচৰা ধৰণেই যেন বৰপেটাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নিৰ্দেশত চলি আছে তদন্ত ৷ এই সকলোবোৰ দেখি এতিয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া কিমান স্বচ্ছ হ'ব তাক লৈ দল সংগঠন সমুহৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ ৷
লক্ষ্যণীয়ভাৱে গ্ৰেপ্তাৰৰ ৪০ ঘণ্টা পাছতহে খাইৰুলৰ ঘৰত তালাচী চলাইছিল আৰক্ষীয়ে ৷ আচলতে খাইৰুলক বচোৱাৰ বাবেই আৰু তথ্য গাপ দিয়াৰ সুবিধাৰ বাবেই গো মাফিয়াটোৰ ঘৰত তিনিদিন পাছতহে তালাচী চলোৱা হ'ল নেকি বুলিও প্ৰশ্ন উঠিছে ৷ তদুপৰি খাইৰুলৰ প্ৰাসাদোপম বাসভৱনত চলোৱা তালাচীত কি তথ্য উদ্ধাৰ হ'ল সেই সম্পৰ্কে আৰক্ষীয়ে কোনো কথা প্ৰকাশ কৰা নাই যদিও গো মাফিয়াটোৱে হাউলী চহৰকে ধৰি বিভিন্ন স্থানত নামে বেনামে গঢ়ি তোলা সম্পত্তিক লৈ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অতিকে সন্দেহজনক বুলিও মন্তব্য কৰিছে এই দল-সংগঠনসমূহে ৷
খাইৰুলক গ্ৰেপ্তাৰৰ পাছতে আন সহযোগী সকলকো গ্ৰেপ্তাৰ কৰিব বুলি সকলোৱে ধাৰণা কৰিছিল যদিও এইপৰ্যন্ত এজন অভিযুক্তৰ বাহিৰে আনসকলক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ৷ আছুকে ধৰি বৰপেটাৰ বিভিন্ন দল সংগঠনে এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে খাইৰুল ইছলামৰ সংগী সকলৰ লগতে গৰু চিণ্ডিকেট চক্ৰটোৰ আঁৰত থকা ৰাজনৈতিক নেতা আৰু আমোলাসকলকো তদন্তৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰিছে ৷