• Home
  • »
  • News
  • »
  • crime
  • »
  • একেডোখৰ মাটিকে তিনিজনক বিক্ৰী, ৬৮ লাখ টকাৰ ইফাল-সিফাল কৰি জালত পৰিল তিনি দালাল, এটা পলাতক

একেডোখৰ মাটিকে তিনিজনক বিক্ৰী, ৬৮ লাখ টকাৰ ইফাল-সিফাল কৰি জালত পৰিল তিনি দালাল, এটা পলাতক

বাক্সাৰ শালবাৰীত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক দালাল জুলফিক্কৰ আলী, ফণীন্দ্ৰ দাস আৰু ৰাজীৱ দাস। পলাতক মুল অভিযুক্ত  আলফিক্কৰ আলী আহমেদ ওৰফে জোন খান।

বাক্সাৰ শালবাৰীত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক দালাল জুলফিক্কৰ আলী, ফণীন্দ্ৰ দাস আৰু ৰাজীৱ দাস। পলাতক মুল অভিযুক্ত  আলফিক্কৰ আলী আহমেদ ওৰফে জোন খান।

বাক্সাৰ শালবাৰীত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক দালাল জুলফিক্কৰ আলী, ফণীন্দ্ৰ দাস আৰু ৰাজীৱ দাস। পলাতক মুল অভিযুক্ত  আলফিক্কৰ আলী আহমেদ ওৰফে জোন খান।

  • Share this:
বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মানাস  ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাঁহবাৰীত আজি তিনিজনকৈ মাটিৰ দালালক আটক কৰা হয়। শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত আটক কৰা হয় মাটিৰ দালাল কেইটাক। আটক হোৱা মাটিৰ দালাল তিনিটা ক্ৰমে জুলফিক্কৰ আলী, অস্থায়ী বন কৰ্মী ফণীন্দ্ৰ দাস আৰু মানাহৰ ময়ুৰী ল'জৰ স্বত্বাধিকাৰী ৰাজীৱ দাস। শালবাৰীৰ গোৱৰ্দ্ধনা থানাত প্ৰাঞ্জল দাস নামৰ এগৰাকী ব্যক্তিৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰত আটক কৰা হয় তিনিওটাক। ইতিমধ্যে দালাল ৰাজীৱ দাসক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। সম্প্ৰতি এতিয়াও পলাতক হৈ আছে মাটিৰ দালালৰ লগত জড়িত মুল অভিযুক্ত বন কৰ্মী হিচাপে কৰ্মৰত আলফিক্কৰ আলী আহমেদ ওৰফে জোন খান।

উল্লেখ্য যে মাটিৰ দালাল আলফিক্কৰ আলী আহমেদ ওৰফে জোন খানে মানাসৰ সমীপৰ বাৰেঙ্গাবাৰী গাঁওৰ বুধু সূত্ৰধৰ নামৰ এগৰাকী লোকৰ পৰা প্ৰায় ২ বিঘা ৩০ লেচা মাটি ভুৱা তথ্যৰে জালিয়াতি কৰি ৮ লাখ টকাত কিনি পুনৰ এজাহাৰকাৰী প্ৰাঞ্জল দাসৰ নামত প্ৰায় ৩৬ লাখ টকাত ভুৱা এগ্ৰিমেণ্টেৰে বিক্ৰী কৰে। পুনৰ সেই মাটিডোখৰেই কোকৰাঝাৰৰ গোপাল দাস ওৰফে মানস দাস নামৰ লোক এগৰাকীৰ হাতত প্ৰায় ২০ লাখ টকাত বিক্ৰী কৰিছিল মাটিৰ দালাল আলফিক্কৰ আলী আহমেদ ওৰফে জোন খানে। মাটিৰ মালিক বুধু সূত্রধৰক আভুৱা ভাৰি মাটিৰ দালাল কেইটাই তিনিবাৰ বিক্ৰী কৰিছিল একেডোখৰ মাটি।  মাটিডোখৰৰ পৰা দালালি কৰি প্ৰায় ৬৮ লাখ টকা ধন সংগ্ৰহ কৰিছিল বুলি জানিব পৰা গৈছে।

এইফালে মুল অভিযুক্ত মাটিৰ দালাল আলফিক্কৰ আলী আহমেদ ওৰফে জোন খানক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জানিব দিয়ে। লগতে মাটিৰ দালালি চক্ৰৰ সৈতে আৰু আন কোনোবা যদি জড়িত আছে সম্পূর্ণৰূপে ইয়াক উৎখাত কৰাৰ কথাও উল্লেখ কৰে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি