• Home
  • »
  • News
  • »
  • crime
  • »
  • Human Trafficker Arrested : দুমহলীয়া বাছেৰে মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা অসমত। গুজৰাটলৈ নিয়াৰ সময়ত উদ্ধাৰ সাত কিশোৰী আৰু কেইবাগৰকী যুৱক।

Human Trafficker Arrested : দুমহলীয়া বাছেৰে মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা অসমত। গুজৰাটলৈ নিয়াৰ সময়ত উদ্ধাৰ সাত কিশোৰী আৰু কেইবাগৰকী যুৱক।

বাক্সাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে মানৱ সৰৱৰাহৰ ৰমৰমীয়া বেহা ৷ বহি: ৰাজ্যত সংস্থাপন দিয়াৰ প্ৰলোভনেৰে ৭গৰাকী কিশোৰী সহ মহিলা -যুৱতীক গুজৰাটলৈ নিথকা অৱস্থাত আৰক্ষীৰ উদ্ধাৰ।  

বাক্সাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে মানৱ সৰৱৰাহৰ ৰমৰমীয়া বেহা ৷ বহি: ৰাজ্যত সংস্থাপন দিয়াৰ প্ৰলোভনেৰে ৭গৰাকী কিশোৰী সহ মহিলা -যুৱতীক গুজৰাটলৈ নিথকা অৱস্থাত আৰক্ষীৰ উদ্ধাৰ।  

বাক্সাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে মানৱ সৰৱৰাহৰ ৰমৰমীয়া বেহা ৷ বহি: ৰাজ্যত সংস্থাপন দিয়াৰ প্ৰলোভনেৰে ৭গৰাকী কিশোৰী সহ মহিলা -যুৱতীক গুজৰাটলৈ নিথকা অৱস্থাত আৰক্ষীৰ উদ্ধাৰ।  

  • Share this:
বাক্সাৰ তামুলপুৰ মহকুমাৰ  ভাৰত-ভূটান সীমান্তত অব্যাহত আছে মানৱ  সৰৱৰাহৰ ৰমৰমীয়া বেহা ৷ বহি: ৰাজ্যত সংস্থাপন দিয়াৰ প্ৰলোভনেৰে কেইবাগৰাকী মহিলা-যুৱতী সহ  কিশোৰীক গুজৰাটলৈ নিথকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিচত পোহৰলৈ আহে সমষ্ট ঘটনা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পাঁচ জনকৈ মানৱ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

মংগলবাৰে পুৱতি নিশা GJ-14-V-7111 নম্বৰৰ এখন দুমহলীয়া বাছেৰে গুজৰাট অভিমুখে যাত্ৰা কৰাৰ সময়তে কুমাৰীকাটা আৰক্ষীৰ দলে বাছ খনৰ চালক আৰু এজেণ্টক আটক কৰাৰ লগতে উদ্ধাৰ কৰে কেইবাগৰাকী লোক সহ সাত গৰাকী কিশোৰীক। পৰিয়ালৰ লোকৰ অজ্ঞাতে কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনেৰে গুজৰাটৰ মাছ ফেক্টৰীত কাম দিয়াৰ প্ৰলোভন দেখুুৱাই পুৰুষ-মহিলা সহ কিশোৰী কেইগৰাকীক গোপনে নিয়াৰ চেষ্টা চলাইছিল সৰবৰাহকাৰী দলটোৱে। এক গোপন সূত্ৰৰ পম খেদি পুৱতি নিশা কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলৱজ্যোতি নাথৰ নেতৃত্বত ভাৰত-ভূটান সীমান্তৰ পৰা জব্দ কৰে বাছখন ৷ আৰক্ষীয়ে জানিব দিয়া মতে গুজৰাটৰ ৰামেশ্বৰী নামৰ মাছৰ ফেক্টৰীত এইসকল মহিলা-যুৱতী- কিশোৰীক কৰ্ম সংস্থাপন দিয়াৰ বাবে গুজৰাটৰ পৰা পোনে-পোনে বাছ খন আহিছিল অসমলৈ।

আৰক্ষীয়ে এই সকলৰ বিৰুদ্ধে নিজাববীয়াকৈ এজাহাৰ দাখিল কৰি তামুলপুৰ থানাত এটি গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে তদন্তৰ খাতিৰত নাম প্ৰকাশ কৰিব বিচৰা নাই আটক কৰা মানৱ সৰবৰাহকাৰীকেইটাৰ । উদ্ধাৰ কৰা সাত গৰাকী শিশুক ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়া নামৰ সংস্থা এটাৰ সহযোগত বাক্সা জিলা শিশু কল্যান সমিতিত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

পিচে প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যত আন্ত:জিলা যাতায়ত বন্ধ হৈ থকাৰ সময়তে কি দৰে অসম আহি পালে গুজৰাটৰ বাছখন । ইতিমধ্যে তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা কুমাৰীকাটা আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।  বাক্সাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে মানৱ দেহ সৰৱৰাহ ৰমৰমীয়া বেহা ৷
Published by:Manjumoni Borah
First published: