• Home
  • »
  • News
  • »
  • crime
  • »
  • Murder: সাধাৰণ তৰ্কাতৰ্কিৰ পিছতে এজন যুৱকে ছুৰিকাঘাত কৰিলে আন এজন যুৱকক ! আৰক্ষীৰ জালত হত্য়াকাৰী যুৱক...

Murder: সাধাৰণ তৰ্কাতৰ্কিৰ পিছতে এজন যুৱকে ছুৰিকাঘাত কৰিলে আন এজন যুৱকক ! আৰক্ষীৰ জালত হত্য়াকাৰী যুৱক...

representative image

representative image

বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত নিশা সংঘটিত এক হত্যাকাণ্ডই  চাঞ্চল্যৰ সৃষ্টি কৰিছে  ৷ এগৰাকী ১৮ বছৰীয়া যুৱকৰ চুৰিকাঘাতত মৃত্যু হয় এজন বিবাহিত যুৱকৰ ৷ নিহত যুৱক জন আনন্দবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত পাটলা গাঁৱৰ দীপক দাস ওৰফে মুন ৷

  • Share this:
বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত নিশা সংঘটিত এক হত্যাকাণ্ডই  চাঞ্চল্যৰ সৃষ্টি কৰিছে  ৷ এগৰাকী ১৮ বছৰীয়া যুৱকৰ চুৰিকাঘাতত মৃত্যু হয় এজন বিবাহিত যুৱকৰ ৷ নিহত যুৱক জন আনন্দবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত পাটলা গাঁৱৰ দীপক দাস ওৰফে মুন ৷ আনফালে হত্যাকাণ্ড সংঘটিত কৰা যুৱকজন আনন্দ বজাৰৰ বিতু ৰয় ৷ ইতিমধ্যে নিশাই আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী যুৱকজনক ৷

জানিব পৰা মতে যোৱা নিশা বাক্সা জিলাৰ আনন্দ বজাৰ-পাটলা সংযোগী পথত সাধাৰণ কথাক দীপক দাস আৰু বিতু ৰয়ৰ মাজত তৰ্কাতৰ্কি হয় ৷ বিতু ৰয় নামৰ যুৱকজনে ক্ষুদ্ৰ ব্যৱসায়ী দীপক দাস ওৰফে মুনৰ তৰ্কাতৰ্কিত লিপ্ত হৈ থকাৰ সময়তে ছেগ বুজি লগত থকা চুৰিৰে ডিঙি আৰু বুকুত উপৰ্যুপৰি আঘাত কৰে ৷ ঘটনাস্থলীতে ৰক্তাক্ত অৱস্থাত পোৱা দীপক দাসক ততাতৈয়াকৈ চিকিৎসাৰ বাবে শালবাৰী মেডিকেললৈ লৈ যোৱা হয় যদিও বাটতে মৃত্যু হয় দীপক দাসৰ ৷ পিচত নিশাই আনন্দ বজাৰ আৰু শালবাৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় হত্যাকাণ্ড সংঘটিত কৰা বিতু ৰয় নামৰ যুৱকজনক ৷ ইতিমধ্যে আৰক্ষীয়ে বিতু ৰয়ক জেৰা অব্যাহত ৰখাৰ বিপৰীতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে নিহত যুৱকজনে মাতৃৰ উপৰিও পত্নী আৰু দুই শিশু পুত্ৰক এৰি যায় ৷ এনেদৰে সাধাৰণ তৰ্কাতৰ্কিৰ বাবে সংঘটিত নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ আনন্দবজাৰ ৷
Published by:Kokil Sarma
First published: