• Home
  • »
  • News
  • »
  • crime
  • »
  • বাক্সাৰ বাগানপাৰাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ ঘটনাৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ, আৰক্ষীৰ জিম্মাত তিনিওকে মাৰাথন জেৰা...

বাক্সাৰ বাগানপাৰাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ ঘটনাৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ, আৰক্ষীৰ জিম্মাত তিনিওকে মাৰাথন জেৰা...

বাক্সা জিলাৰ বাগানপাৰাৰ এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ নিশা বৰবৰী আৰক্ষী আৰু বাগানপাৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় উক্ত জঘন্য কাণ্ডত জড়িতৰ অভিযোগত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷

  • Share this:
বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাৰ এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ যোৱা নিশা বৰবৰী আৰক্ষী আৰু বাগানপাৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় উক্ত জঘন্য কাণ্ডত জড়িতৰ অভিযোগত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক তিনিজন ক্ৰমে জনচন বান্দ, অভিজিৎ তিৰ্কী আৰু ডেচলিন খাল্কো ৷

উল্লেখ্য যে সোমবাৰে নিশা ঘৰৰ পৰা পদূলিলৈ ওলাই অহাৰ পিচতে সুৰামত্ত ৩ নৰপিশাচে  যুৱতীগৰাকীক প্ৰথমে দলৱদ্ধভাৱে ধৰ্ষণ কৰে আৰু পিচত হত্যা কৰি ধাননিৰ মাজত পেলাই থৈ যায় ৷ পিচদিনা যুৱতী গৰাকীৰ উলংগ মৃতদেহ ধাননিৰ মাজত উদ্ধাৰ হোৱাৰ পিচত বিভিন্ন দল-সংগঠন আৰু ৰাইজে দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ অৱশেষত যোৱা নিশা আৰক্ষীয়ে তিনি নৰপিশাচক ৩৭৬/৩০২ ধাৰাৰ অধীনত ৮৩/২১ নম্বৰত এক গোচৰ ৰুজু কৰি আজি মুছলপুৰ সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে তিনিওকে বৰবৰী আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে ধৃত এই তিনি হত্যাকাৰীৰ লগত আৰু কোনো দুৰ্বৃত্ত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি