মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Nazira News : নাজিৰাত নৰবলিৰ চেষ্টা! গুপ্তধনৰ সন্ধানত যুৱতীক বলি দিয়াৰ চেষ্টাৰ অভিযোগ!

Nazira News : নাজিৰাত নৰবলিৰ চেষ্টা! গুপ্তধনৰ সন্ধানত যুৱতীক বলি দিয়াৰ চেষ্টাৰ অভিযোগ!

ভীতিগ্ৰস্ত হৈ আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।

ভীতিগ্ৰস্ত হৈ আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।

ভীতিগ্ৰস্ত হৈ আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।

  • Share this:
নাজিৰাত চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টাৰ অভিযোগ। নাজিৰাৰ বিহুবৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বিহুবৰৰ মোচোৰা মুণ্ডা নামৰ লোকজনে গুপ্তধনৰ সন্ধানত একে অঞ্চলৰে এগৰাকী যুৱতীক বলি দিবলৈ লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভীতিগ্ৰস্ত হৈ আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।

আৰু পঢ়ক : মনৰ ইচ্ছা থাকিলে সকলো সম্ভৱ! একেলগে মেট্ৰিক পাছ কৰিলে মাতৃ–কন্য়াই

আৰু পঢ়ক : অপৰাধীৰ বুকুত কঁপনি তুলিছে আনন্দ মিশ্ৰই, ভয়তে আত্মসমৰ্পণ কৰিছে ইজনৰ পিছত সিজন অপৰাধীয়ে

অন্ধবিশ্বাসৰ বলি হৈ সভ্য সমাজক লজ্জানত কৰিছে এই ঘটনাই। গুপ্তধনৰ সন্ধানত এগৰাকী যুৱতীক বলিৰ কু-অভিসন্ধি ৰচিছিল এজন ব্যক্তিয়ে। মোচোৰা মুণ্ডা নামৰ এজন ব্যক্তিয়ে গুপ্তধন লাভৰ আশাত এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। গুপ্তধনৰ সন্ধানৰ বাবে যুৱতীগৰাকীক বলি দিবলৈ যুৱতীগৰাকীৰ মাতৃক ২লাখ টকাৰ প্ৰলোভন দিয়াৰ এক অভিযোগ পোহৰলৈ আহিছে।

মোচোৰা মুণ্ডাই বিচাৰিছিল এগৰাকী ৫ ফুট ৯ ইঞ্চি উচ্চতাৰ যুৱতী। আৰু সেই যুৱতীগৰাকীয়ো আছিল ৫ফুট ৯ ইঞ্চি। সেই কু–অভিসন্ধি আগত ৰাখিয়েই মোচোৰা মুণ্ডাই যুৱতীগৰাকীক কয় যে মাটিৰ তলত পইচা আছে, তোমাৰ নিচিনা ছোৱালী এজনী লাগে৷ তেতিয়া যুৱতী গৰাকীয়ে মানুহ জনক প্ৰশ্ন কৰিলে যে মই তাত কি কৰিম? লোকজনে কৈছিল, তই অকল পূজাত বহিবি আমি তোৰ নামত পূজা কৰিম৷ যুৱতীগৰাকীয়ে মানুহজনক পুনৰ সুধিলে মই পূজাত বহিলে মোৰ কি হ’ব৷ তেতিয়া তেওঁ কৈছিল যে তই মৰি যাবি৷ তই সেইবোৰ চিন্তা কৰিব নালাগে তোৰ ঘৰত টকা দুইলাখ দি থৈ যাম, পিছত আৰু দিম৷

যোৱা দেওবাৰে সন্ধিয়া যুৱতীগৰাকীৰ সন্মুখত মোচোৰা মুণ্ডাই এই কথা কোৱা পিছতে ভীতিগ্ৰস্ত হৈ বিহুবৰ আৰক্ষী কাষ চাপে যুৱতীগৰাকীৰ পৰিয়াল। যুৱতীগৰাকীয়ে বিহুবৰ আৰক্ষীৰ থানাত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। আৰক্ষীয়ে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ পলাতক অৱস্থাত মুচোৰা মুণ্ডা।

শেহতীয়া বাতৰি