গুৱাহাটী মহানগৰীত পুনৰ এটিএমৰ ধন আত্মসাতৰ ঘটনা সংঘটিত হয়। উজানবজাৰৰ এটা এটিএমত এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকৰ পৰা দুৰ্বৃত্তই কৌশলেৰে বৃহৎ পৰিমানৰ ধন লুটি নিয়ে।
ডাঃ প্ৰসেনজিত বৰা নামৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা দুৰ্বৃত্তই ১ লাখ ১২ হাজাৰ টকা কাঢ়ি নিয়ে। এই প্ৰৱঞ্চনাৰ ঘটনা নতুন বছৰৰ প্ৰথমটো দিনতে সংঘটিত হয়। চিকিৎসক প্ৰসেনজিত বৰাই ঘটনা সন্দৰ্ভত লতাশিল থানাত এখন এজাহাৰ দাখিল কৰিছে।
উল্লেখ্যে যে, প্ৰথমে এটিএম কাৰ্ডেৰে চিকিৎসকজনে তিনি হাজাৰ টকা উলিয়াইছিল। পৰবৰ্তী সময়ত কাৰ্ডখন এটিএম মেচিনৰ পৰা ওলাই নহাত সমীপতে থকা বেংকটোত সুধিবলৈ যাওঁতেই কোনো দুৰ্বৃত্তই সেই কাৰ্ডখনেৰে ধন উলিয়াই নিয়ে। কেৱল এটিএমৰ পৰাই নহয়, দুৰ্বৃত্তই কাৰ্ড চুয়াইপ কৰি বজাৰ কৰিও ধন আত্মসাৎ কৰে।
আনহাতে, লতাশিল থানাত লিখিত অভিযোগ দাখিল কৰাৰ পিছতো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী চিকিৎসকজনে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 06, 2023, 14:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।