உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • ATM Fraudsters Arrested: বৰপেটাত মহিলাই আটক কৰিলে ধন লুট কৰা প্ৰৱঞ্চক দলক, ৩০ খন ডেবিট কাৰ্ড উদ্ধাৰ

    ATM Fraudsters Arrested: বৰপেটাত মহিলাই আটক কৰিলে ধন লুট কৰা প্ৰৱঞ্চক দলক, ৩০ খন ডেবিট কাৰ্ড উদ্ধাৰ

    ATM Fraudsters Arrested: প্ৰৱঞ্চক দলটোৰ পৰা উদ্ধাৰ এটা ডেবিট মেচিন, ৩০ খন চুৰি ডেবিট কাৰ্ড আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰা হয়।

    ATM Fraudsters Arrested: প্ৰৱঞ্চক দলটোৰ পৰা উদ্ধাৰ এটা ডেবিট মেচিন, ৩০ খন চুৰি ডেবিট কাৰ্ড আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰা হয়।

    ATM Fraudsters Arrested: প্ৰৱঞ্চক দলটোৰ পৰা উদ্ধাৰ এটা ডেবিট মেচিন, ৩০ খন চুৰি ডেবিট কাৰ্ড আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰা হয়।

    • Share this:
    বৰপেটা চহৰত ATMৰ পৰা ধন উলিওৱাৰ সময়ত কৌশলেৰে গ্ৰাহকৰ ডেবিট কাৰ্ড সলনি কৰি ধন লুট কাৰ্যত জৰিত প্ৰৱঞ্চকৰ দল আটক কৰিলে মহিলাই ৷ এগৰাকী ভূক্তভোগী মহিলাই স্থানীয় লোকৰ সহযোগত বৰপেটাৰ পাঁচ আলি চ'কত আটক কৰে বহিঃৰাজ্যৰ তিনিজনীয়া প্ৰৱঞ্চকৰ দলটোক ৷ ধৃত প্ৰৱঞ্চক কেইটা দিল্লীৰ চুলতানপুৰীৰ মুকেশ, গোবিন্দ সিং আৰু হাৰিয়ানাৰ চান্নি ৷

    বৰপেটাৰ পাঁচ আলি চ'কত দীপা শইকীয়া তালুকদাৰ নামৰ মহিলাগৰাকীয়ে স্থানীয় লোকৰ সহযোগত প্ৰৱঞ্চকৰ দলটোক আটক কৰি চমজাই দিয়ে বৰপেটা আৰক্ষীক ৷ বৰপেটা চহৰত দীৰ্ঘদিন ধৰি ATMৰ পৰা ধন লুটৰ জৰিয়তে আতংকৰ সৃষ্টি কৰা প্ৰৱঞ্চক দলটোক বৰপেটা উন্নয়ন খণ্ডৰ কৰ্মচাৰী দীপা শইকীয়া তালুকদাৰৰ সাৱধানতাৰ বাবে আটক কৰিবলৈ সক্ষম হয়।

    উল্লেখ্য যে দীপা শইকীয়া তালুকদাৰৰ পৰা সোমবাৰে ডেবিট কাৰ্ড সলনিৰ জৰিয়তে প্ৰৱঞ্চকৰ দলটোৱে বৰপেটাৰ পাঁচ আলি চ'কৰ SBI ATMৰ পৰা প্ৰৱঞ্চনাৰে উলিয়াই নিছিল ৩০ হাজাৰ টকা ৷ পিছে আজি প্ৰৱঞ্চকৰ দলটোৰ ভাগ্য সুপ্ৰসন্ন নাছিল ৷ যাৰ বাবে নতুন চিকাৰৰ সন্ধানত থকা প্ৰৱঞ্চকৰ দলটো ভূক্তভোগী মহিলাগৰাকীৰ হাততে আটক হবলগীয়া হ'ল ৷
    Published by:Manjumoni Borah
    First published: