ATM Fraud: বহু সহজ-সৰল লোকক প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰিছিল কুলচুমা বেগমে।
ATM Fraud: বহু সহজ-সৰল লোকক প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰিছিল কুলচুমা বেগমে।
সহজ-সৰল লোকক ATM ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ চলৰে ATM সলনি কৰি ধন হৰলুকি কৰাৰ অভিযোগত নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে আজি এগৰাকী মহিলা অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিলাগৰাকী হ'ল মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুলচুমা বেগম । আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা চাৰিখন ATM কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় ৷
মহিলাগৰাকীৰ বিৰুদ্ধে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ২৮৭৬ / ২১ নম্বৰৰ গোচৰ ৰুজু হৈ আছিল ৷ হয়বৰগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছিল ৷ আজি মহিলাগৰাকীয়ে হয়বৰগাঁও ষ্টেট বেংকৰ ওচৰৰ ATMৰ পৰা এগৰাকী বৃদ্ধ মহিলাক ধন উলিয়াই দিয়াত সহায় কৰাৰ চলেৰে ধন লুটৰ চেষ্টা কৰাৰ সময়তেই মহিলাগৰাকীক হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে ৷
উল্লেখযোগ্য যে কুলচুমা বেগমে বিশেষ কৌশলৰে সহজ-সৰল লোকৰ একাউণ্টৰ পৰা ধন হৰলুকী কৰিছিল। এটিএমৰ পৰা ধন চুৰি কৰাৰ বাবে কুলচুমা বেগমে ৪-৫খন এটিএম কাৰ্ড ব্যৱহাৰ কৰিছিল। আজিও এগৰাকী বৃদ্ধ লোকক এটিএমৰ পৰা ধন উলিওৱাত সহায়ৰ বাবে যাওঁতেই হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে গ্ৰেপ্তাৰ কৰে কুলচুমা বেগমক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|