আৰক্ষীয়ে আজি কটাহবাৰীত বাপন বণিক আৰু চফিক আহমেদ নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে ১৬ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু কিছু নগদ ধন জব্দ কৰে।
আৰক্ষীয়ে আজি কটাহবাৰীত বাপন বণিক আৰু চফিক আহমেদ নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে ১৬ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু কিছু নগদ ধন জব্দ কৰে।
পুনৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে আজি কটাহবাৰীত এক ড্ৰাগছ বিৰোধী অভিযান চলায়।
এই অভিযানত আৰক্ষীয়ে বাপন বণিক আৰু চফিক আহমেদ নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে ১৬ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু কিছু নগদ ধন জব্দ কৰে। দুয়োৰে বিৰুদ্ধে গড়চুক থানাত ৩৬৪/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰে।
আনহাতে মালিগাঁৱৰ বিভিন্ন অঞ্চলতো অব্যাহত আছে ড্ৰাগছবিৰোধী অভিযান। মালিগাঁৱৰ বিজি কলনীত চলা অভিযানত আৰক্ষীয়ে এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে। আটকাধীন যুৱকজনৰ নাম দীক্ষিত মহন্ত বুলি জানিব পৰা গৈছে। যুৱকজনৰ পৰা আৰক্ষীয়ে কিছু পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকজনে পাণ্ডুৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল। সৰবৰাহকাৰীটোক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|