ঘটনাৰ বিবৰণী মতে, যোৱা ২০ জুলাইত মহাৰাষ্ট্ৰলৈ বুলি অঞ্চলটোৰ ৬ জন সতীৰ্থৰ সৈতে কামৰ সন্ধানত গৈছিল দুই কন্যা সন্তানৰ পিতৃ নিৰ্মল ৰাজবংশী ৷ কিন্তু গন্তব্যস্থল পোৱাৰ পূৰ্বে আম্বেৰমালী ষ্টেচনৰ পৰা ৰহস্যজনকভাবে নিৰুদ্দেশ হয় যুৱকজন ৷ ঘটনাৰ তিনিদিন পিছত ষ্টেচনৰ সমীপৰ ৰে'ল লাইনত ক্ষত-বিক্ষত অৱস্থাত নিৰ্মলৰ মৃতদেহ স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ কৰে ৷ পিচত মৃতদেহটো নিৰ্মল ৰাজবংশীৰ বুলি চিনাক্ত কৰা হয় ৷ উল্লেখ্য, নিৰ্মলক লৈ যোৱা মুছলপুৰৰ ৰাতুল দাস নামৰ এজন যুৱক এই সমস্ত ঘটনাৰ লগত জড়িত বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ কিয়নো ঘটনা সংঘটিত হোৱাৰ দিন ধৰি আজিলৈকে ৰাতুল দাসে তেওঁৰ মোবাইল ফোন বন্ধ কৰি ৰাখিছে ৷ যাৰবাবে ৰাতুল দাস নামৰ যুৱকজনে নিৰ্মলক পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মুছলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ৷ সেয়া হত্যা নে দূৰ্ঘটনা ৷ ইফালে উপাৰ্জনক্ষম একমাত্ৰ ব্যক্তিজনৰ অকাল মৃত্যু হোৱাত পৰিয়ালটোৰ লগতে গাঁওখনত শোকৰ ছাঁ পৰিছে ৷