ঢেকীয়াজুলিত বলাত্কাৰৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল মণিপুৰত আছাম ৰাইফলছত কৰ্তব্যৰত মহাৰাষ্ট্ৰৰ কেদু থাকৰে নামৰ এজন জোৱান৷
দিনদুপৰতে কেদু থাকৰে নামৰ এগৰাকী লম্পট সেনা জোৱানে ঘৰত কোনো নথকা অৱস্থাত ঠেলামৰাৰ এৰাসুঁতিৰ এগৰাকী মহিলাক ভয়-ভাবুকিৰে বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷
ঘটনাক লৈ মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আবদ্ধ কৰে সেনা জোৱানজনক৷ পিছত ঘটনাস্থলীত ঠেলামৰা আৰক্ষী উপস্থিত হৈ আটক কৰে বলাৎকাৰী আসাম ৰাইফলছৰ জোৱান কেদু থাকৰেক৷
ইপিনে ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত ঠেলামৰা আৰক্ষীয়ে 105/2022 O/S 4448/376IPCত গোচৰ ৰুজু কৰি লম্পট সেনা জোৱানক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য, কেদু থাকৰেই ঠেলামৰাৰ এৰাসুঁতি গাঁওত মাটি ক্ৰয় কৰি গৃহ নিৰ্মাণ কৰি মাজে সময়ে ইয়াত থাকে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|