কামৰূপ আৰক্ষীৰ আৰু পলাশবাৰী আৰক্ষীৰ অভিযানত জব্দ 3.5 কোটিৰ ড্ৰাগছ সহ নিচাযুক্ত সামগ্ৰী ।। আটক দুই মহিলা ।।
কামৰূপ আৰক্ষীৰ আৰু পলাশবাৰী আৰক্ষীৰ অভিযানত জব্দ 3.5 কোটিৰ ড্ৰাগছ সহ নিচাযুক্ত সামগ্ৰী ।। আটক দুই মহিলা ।।
কামৰূপ আৰক্ষী আৰু পলাশবাৰী আৰক্ষীৰ বৃহৎ সাফল্য। ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ পৰিমাণত ড্ৰাগছ জব্দ। চাৰে তিনি কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী জব্দ কৰিলে আৰক্ষীয়ে।
অসম-মেঘালয় সীমান্তৰ মাইঘুলি অঞ্চলৰ পৰা পলাশবাৰী আৰক্ষী আৰু কামৰূপ আৰক্ষীয়ে দুগৰাকী মবিলাৰ পৰা ৯৬ হাজাৰ ৩৫০ টা য়াবা টেবলেট জব্দ কৰে। এই টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা। জব্দ কৰে ২কেজি ব্ৰাউন চুগাৰ যাৰ বজাৰ মূল্য প্ৰায় ২কোটি টকা । জব্দ হোৱা য়াবা টেবলেট আৰু ব্ৰাউন চুগাৰৰ মুঠ মূল্য প্ৰায় ৩কোটি ৫০ লাখ টকা।
ড্ৰাগছখিনিৰ লগতে নগদ ৩ লাখ ৭০ হাজাৰ টকা মহিলা দুগৰাকীৰ পৰা জব্দ কৰে আৰক্ষীয়ে। তদন্তৰ খাতিৰত আৰক্ষীয়ে গোপনে ৰাখিছে আটক হোৱা মহিলা দুগৰাকীৰ তথ্য। পৰৱৰ্তী সময়ত পুনৰ এনে অভিযান চলিব বুলি সংবাদমেলযোগে মন্তব্য কৰে কামৰূপ আৰক্ষী অধ্যক্ষক হিতেশ ৰয়ে । এই অভিযানত আছিল কামৰূপৰ ডি এছ পি কল্যাণ পাঠক আৰু পলাশবাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ সিং হাজাৰী ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|