তালিবান (Taliban)এ কাবুল (Kabul)দখল কৰাৰ পিছতে অসমত পোহৰলৈ আহিছে তালিবান সমৰ্থনৰ (Taliban Supporter) ভয়ংকৰ ছবি। অসমত ২৪ ঘণ্টাত গ্ৰেপ্তাৰ হৈছে তালিবানক সমৰ্থন কৰা MBBSৰ ছাত্ৰ, শিক্ষক আৰু আৰক্ষী জোৱান। ছচিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰি পোষ্ট (Social Media Post Supporting Taliban) দিয়াৰ পিছতে অসমত গ্ৰেপ্তাৰ হৈছে মুঠ ১৪ জন তালিবান সমৰ্থক। ইয়াৰে কামৰূপ জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজনৰ এজন হৈছে শিক্ষক আনজন আৰক্ষী জোৱান।
কামৰূপ আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই তালিবান সমৰ্থনকাৰী তথা ছচিয়েল মিডিয়াযোগে সমৰ্থন আগবঢ়োৱাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ চৰকাৰী কৰ্মচাৰীক। এই দুজন চৰকাৰী কৰ্মচাৰী হৈছে আবু বক্কৰ ছিদ্দিক ওৰফে অভিলেষ খান আৰু ছাইদুল হক । আবু বক্কৰ ছিদ্দিক পেছাত গোৱালপাৰা ফৰেষ্ট গেট লুইত প্লাবিক স্কুলৰ শিক্ষক আৰু ছইদুল হক হৈছে অসম আৰক্ষীৰ কৰিমগঞ্জ ৰাতাবাৰীস্থিত ২১ নং বেটেলিয়নৰ জোৱান ।
ছাইদুল হকক কৰিমগঞ্জ ৰাতাবাৰীৰ ২১নং বেটালিয়নৰ পৰাই কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আলি আহমেদে যৌথ উদ্যোগত গ্ৰেপ্তাৰ কৰে ।
আনহাতে গোৱালপাৰা জিলাৰ দেওমৰনৈৰ পৰা শিক্ষক আবু বক্কৰ ছিদ্দিকক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ।ঘটনা সংক্ৰান্তত কামৰূপ আৰক্ষীয়ে উত্তৰ গুৱাহাটী আৰক্ষী থানাত 130//21 নম্বৰত ৰুজু কৰিছে এক গোচৰ । কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে জানিবলৈ দিয়া মতে ডুবাই (Dubai)স্থিত কামৰূপ জিলাৰ আন এগৰাকী ব্যক্তিক আটক কৰাৰ বাবে কামৰূপ আৰক্ষীয়ে অভিযান চলাব ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|