• Home
  • »
  • News
  • »
  • crime
  • »
  • বকোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ডকাইতৰ গুলীত আহত অসম আৰক্ষীৰ কমাণ্ডো

বকোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ডকাইতৰ গুলীত আহত অসম আৰক্ষীৰ কমাণ্ডো

ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী৷ 

ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী৷ 

ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী৷ 

  • Share this:
দক্ষিণ কামৰূপৰ বকোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ ডকাইত ধৰিবলৈ গৈ গুলীবিদ্ধ হ'ল আৰক্ষী৷ পিষ্টল দেখুৱাই ডকাইতে দোকানৰ পৰা লুট কৰে নগদ ধন৷ ডকাইতি কাণ্ড সংঘটিত কৰি শূন্যলৈ তিনিজাঁই গুলীচালনাও কৰে ডকাইতৰ দলে৷

AS-15M-4932 নম্বৰৰ পালছাৰ বাইকত আহিছিল ডকাইতকেইটা৷ দলটোত ৩টা ডকাইত থকাৰ সন্দেহ ৰাইজৰ৷ ডকাইতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুজন লোকক৷ ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী৷ সামান্য পৰিমাণে আঘাতপ্রাপ্ত দোকানখনৰ কৰ্মচাৰী সুৰজ নেৱাৰো৷ আঘাতপ্রাপ্ত দুজনক বকো প্রাথমিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে।

মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় গণেশ থাপা৷ ইফালে ডকাইতৰ গুলীত আহত হয় অসম আৰক্ষীৰ এজন কমাণ্ডো৷ দুটা ডকাইতক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৰাইজ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি