পলাতক প্ৰৱঞ্চক মৃদুপৱন নেওগ
Fraud Mridupawan Neog Traced : শেহতীয়াকৈ মধ্যপ্ৰদেশত পলাতক প্ৰবঞ্চক মৃদুপৱন নেওগৰ লোকেচন পোৱা গৈছে। লোকেন পোৱাৰ লগে লগে প্ৰবঞ্চক মৃদুপৱন নেওগক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিছে DGPয়ে।
হাত বা ডিঙি বাদেই ভৰিতো সোণৰ শিকলি পিন্ধি বাঘা বাঘা লোককো আৰামেৰে ঠগি অহা মহানগৰীৰ মহা প্ৰবঞ্চক মৃদুপৱন নেওগ (Fraud Mridupawan Neog)ক শীঘ্ৰেই কৰায়ত্ত কৰাৰ নিৰ্দেশ দিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta)ই।
শেহতীয়াকৈ অসম আৰক্ষীয়ে লাভ কৰিছে মহাঠগটোৰ লোকেচন। অতি শেহতীয়াকৈ মধ্যপ্ৰদেশ (Madhya Pradesh)ত পলাতক প্ৰবঞ্চক মৃদুপৱন নেওগৰ লোকেচন পোৱা গৈছে। লোকেন পোৱাৰ লগে লগে প্ৰবঞ্চক মৃদুপৱন নেওগক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিছে DGPয়ে।
উল্লেখ্য যে ৰাজনৈতিক নেতাৰ পৰা হাইপ্ৰফাইল লোকলৈ সকলোৰে সৈতে ফটো উঠি নিজকে প্ৰভাৱশালী লোকবুলি জাহিৰ কৰা মৃদুপৱনে তেওঁৰ কাহিলিপাৰাৰ ঘৰত আৰক্ষীয়ে তালাচী চলাবলৈ যোৱাৰ সময়তে পলায়ন কৰিছিল। আৰক্ষীয়ে প্ৰবঞ্চক মৃদুপৱন নেওগৰ ঘৰৰ পৰা জব্দ কৰিছিল পিস্তল, বহু পৰিমাণৰ সোণ, ষ্টাম্প পেপাৰ, বহু নথি-পত্ৰ আদি। আনক ঠগি বিলাসী জীৱন কটোৱা প্ৰবঞ্চক মৃদুপৱন নেওগে ডিঙি, হাতৰ লগতে ভৰিতো সোণৰ শিকলি পিন্ধা ফটো ভাইৰেল হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|