মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»পৈতৃক সম্পত্তি বিক্ৰী কৰি ধুবুৰীলৈ গৈ অংগ ব্যৱসায়ত নামিছিল নন্টু ! মানৱ অংগৰ বেহাৰ নায়ক প্লাৱন বৰঠাকুৰৰ অকথিত আখ্যান...

পৈতৃক সম্পত্তি বিক্ৰী কৰি ধুবুৰীলৈ গৈ অংগ ব্যৱসায়ত নামিছিল নন্টু ! মানৱ অংগৰ বেহাৰ নায়ক প্লাৱন বৰঠাকুৰৰ অকথিত আখ্যান...

News18 Assam | News18-Assam
Updated:July 14, 2021, 10:58 AM IST
পৈতৃক সম্পত্তি বিক্ৰী কৰি ধুবুৰীলৈ গৈ অংগ ব্যৱসায়ত নামিছিল নন্টু ! মানৱ অংগৰ বেহাৰ নায়ক প্লাৱন বৰঠাকুৰৰ অকথিত আখ্যান...
মানৱ অংগৰ ব্যৱসায়ৰ নায়ক নন্টু বৰঠাকুৰ ওৰফে প্লাৱন বৰঠাকুৰক লৈ নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মানৱ অংগৰ ব্যৱসায়ৰ নায়ক নন্টু বৰঠাকুৰ ওৰফে প্লাৱন বৰঠাকুৰক লৈ নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

  • Share this:
মানৱ অংগৰ ব্যৱসায়ৰ নায়ক নন্টু বৰঠাকুৰ ওৰফে প্লাৱন বৰঠাকুৰক লৈ নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নগাঁৱৰ জাজৰি ফুকনাখাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত অৱনী বৰঠাকুৰৰ পুত্ৰ নন্টু বৰঠাকুৰে প্ৰায় ৫বছৰ পূৰ্বে জাজৰি এৰি ধুবুৰী জিলাত নিগাজীকৈ থাকিবলৈ লৈছিল।

নন্টুৰ ককায়েক ৰণ্টু বৰঠাকুৰৰ মৃত্যুৰ পিছত সকলো পৈতৃক সম্পত্তি বিক্ৰী কৰি নন্টু ওৰফে প্লাৱনে ধুবুৰীত পত্নীৰ সৈতে ব্যৱসায় আৰম্ভ কৰা বুলিও গাঁৱৰ ৰাইজক জনাইছিল। বিলাসী জীৱন-যাপন কৰা নন্টুক লৈ পূৰ্বেও গাঁওবাসীয়ে সন্দেহ কৰিছিল। নন্টুৱে আনকি ধুবুৰীৰ পৰা নিজ গাঁৱলৈ আহিলে কিছু লোকক অংগ দান কৰাৰ বিষয়েও বুজোৱাৰ চেষ্টা কৰিছিল। অৱশেষত অংগ ব্যৱসায়ৰ মূল নায়ক হিচাপে নন্টুৰ নাম সাঙোৰ খাই পৰাত লজ্জিত হৈছে জাজৰি অঞ্চলৰ ৰাইজ। সমগ্ৰ অঞ্চলটোৰ নাম কলংকিত কৰা নন্টুৰ কঠোৰ শাস্তি কামনা কৰিছে জাজৰিৰ ৰাইজে।

উল্লেখযোগ্য যে, সন্দেহৰ আৱৰ্তত সোমাই পৰিছে নন্টুৰ লগতে তেঁওৰ পত্নীও। কাৰণ দুয়ো বিগত সময়ছোৱাত সঘনে কলকাতালৈ অহা-যোৱা কৰিছিল। অৱশ্যে বিয়াৰ পিছত এবাৰো ধুবুৰীৰ পৰা নগাঁৱৰ জাজৰিৰ শহুৰৰ ঘৰলৈ অহা নাছিল নন্টুৰ পত্নী। সেয়ে জাজৰিৰ ৰাইজে তেঁওৰ পত্নীক চিনি নাপাই। আনহাতে, এই ব্যৱসায় কলকাতাৰ পৰা নিয়ন্ত্ৰন হোৱাৰ লগতে অসমৰো একাংশ লোক যে ইয়াৰ লগত জড়িত হৈ আছে সেয়া নিশ্চিত। কাৰণ বৃক্কদানৰ দৰে জটিল প্ৰক্ৰিয়াক অতি সহজে সম্পাদিত কৰাৰ আঁৰত যে বহু ক্ষমতাশালী লোক জড়িত হৈ আছে সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সকলো স্পষ্ট হৈ পৰিব।
Published by: Kokil Sarma
First published: July 14, 2021, 10:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি