ড্ৰাগছৰ ঘাটি কাটিমাৰীত মঙলবাৰে নিশা হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ হেৰ'ইন সহ গ্ৰেপ্তাৰ কৰিছে কবিৰ মোল্লা আৰু আব্দুল ৰাজ্জাক নামৰ দুই ড্ৰাগছ মাফিয়াক। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কবিৰ মোল্লা নগাঁও আৰক্ষীৰ বাবে ম'ষ্ট ৱাণ্টেড আছিল।
ড্ৰাগছৰ ঘাটি কাটিমাৰীত মঙলবাৰে নিশা হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ হেৰ'ইন সহ গ্ৰেপ্তাৰ কৰিছে কবিৰ মোল্লা আৰু আব্দুল ৰাজ্জাক নামৰ দুই ড্ৰাগছ মাফিয়াক। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কবিৰ মোল্লা নগাঁও আৰক্ষীৰ বাবে ম'ষ্ট ৱাণ্টেড আছিল।
অপৰাধীৰ ঘাটিত পৰিণত হৈছে নগাঁৱৰ কাটিমাৰী। নগাঁও চহৰৰ সমীপৱৰ্তী কাটিমাৰী অঞ্চলটো বৰ্তমান সমগ্ৰ জিলাখনৰ বাবেই আতংকৰ কাৰণ হৈ পৰিছে। কাটিমাৰীলৈ প্ৰতিদিনেই ডিমাপুৰৰ পৰা সৰবৰাহ হৈ আছে ড্ৰাগছ আৰু নিচাজাতীয় ঔষধ।
মঙলবাৰে নিশা পুনৰ হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ হেৰ'ইন সহ গ্ৰেপ্তাৰ কৰিছে কবিৰ মোল্লা আৰু আব্দুল ৰাজ্জাক নামৰ দুই ড্ৰাগছ মাফিয়াক। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কবিৰ মোল্লা নগাঁও আৰক্ষীৰ বাবে ম'ষ্ট ৱাণ্টেড আছিল। মঙলবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কাটিমাৰীত অভিযান চলাই কবিৰ মোল্লা আৰু আব্দুল ৰাজ্জাকক হেৰ'ইন সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন স্কুটীও জব্দ কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
উল্লেখযোগ্য যে, ডিমাপুৰৰ পৰা অসমলৈ ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিবলৈ অসম আৰক্ষীয়ে কটকটীয়া তালাচীৰ ব্যৱস্থা কৰাৰ পিছতো নিতৌ ন ন কৌশল ব্যৱহাৰ কৰি ড্ৰাগছ মাফিয়াই অসমলৈ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত এই দুই ড্ৰাগছ মাফিয়াক জেৰা অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|