সোণাৰিত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস।নগানদী বনগাঁৱৰ পৰা নগাই পুনৰ কাঢ়ি নিলে পশুধন। মঙ্গলবাৰে সন্ধিয়া নগা দুৰ্বৃত্তই সোণাৰিৰ নগানদী বনগাঁৱৰ ধন চাহানী নামৰ লোকজনৰ এটা পশুধন কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি মঙ্গলবাৰে সন্ধিয়া হাতত বন্দুক লৈ টাওকাক নদী পাৰ হৈ অহা তিনিটা নগা দুৰ্বৃত্তই চৰণীয়া পথাৰৰপৰা এটা পশুধন ধৰি লৈ যায়। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও বহু বাৰ নগাই সন্ত্ৰাস চলাই গোহালিৰপৰা গৰু কাঢ়ি নিয়া খবৰ পোহৰলৈ আহিছিল। শেহতীয়াকৈ যোৱা ৫ অক্টোবৰতো মাজনিশা মাৰণাস্ত্ৰ দেখুৱাই প্ৰাণেমৰাৰ ভাবুকি দি নগানদী বনগাঁৱৰ পৰা গৰু কাঢ়ি নিছিল নগা দুৰ্বৃত্তই। আনহাতে নগানদী বনগাঁৱত নগা দুৰ্বৃত্তই উপদ্ৰৱ চলোৱা সন্দৰ্ভত বিগত সময়ত আৰক্ষীক অৱগত কৰা হৈছে যদিও বিশেষ গুৰুত্ব দিয়া নাই বুলিও মন্তব্য কৰিছে ৰাইজে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|