• Home
  • »
  • News
  • »
  • crime
  • »
  • "ভঙা-ছিগা লোহা-টিন, প্লাষ্টিক, বহী-কাগজ আছে নেকি ?" সজাগ হওক এই কণ্ঠত, আহিব পাৰে ড্ৰাগছ সৰবৰাহকাৰী ...

"ভঙা-ছিগা লোহা-টিন, প্লাষ্টিক, বহী-কাগজ আছে নেকি ?" সজাগ হওক এই কণ্ঠত, আহিব পাৰে ড্ৰাগছ সৰবৰাহকাৰী ...

তীৰ্থনগৰী হাজোৰ পাখামেলা চ'কত ড্ৰাগছ সবৰাহকাৰী যুৱকক কৰায়ত্ত কৰিছে স্থানীয় ৰাইজে। যুৱকজনৰ পৰা উদ্ধাৰ হৈছে এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু চিৰিঞ্জ।

  • Share this:

পেলনীয়া লোহা, টিন, প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰা যুৱকজনে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগ কৰিছে হাজোৰ স্থানীয় ৰাইজে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত ডেলিভাৰী বয় ড্ৰাগছ সৰবৰাহত জড়িত হোৱাৰ পিছত এইবাৰ পেলনীয়া সামগ্ৰী ক্ৰয় কৰা যুৱক ড্ৰাগছসহ আটক হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে হাজোত। আটকাধীন যুৱকজনক স্থানীয় লোকে উত্তম-মাধ্যম সোধাই গটাই দিছে আৰক্ষীক। হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহ কৰা যুৱকজনক আটক কৰাৰ লগতে পেলনীয়া সামগ্ৰী ক্ৰয় কৰা বাহনখন জব্দ কৰিছে আৰক্ষীয়ে।
Published by:Kokil Sarma
First published: