உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • মহানগৰ আৰক্ষীৰ জালত আন এক ড্ৰাগছ সৰবৰাহকাৰী ! এইবাৰ শান্তিপুৰত আৰক্ষীৰ অভিযান...

    মহানগৰ আৰক্ষীৰ জালত আন এক ড্ৰাগছ সৰবৰাহকাৰী ! এইবাৰ শান্তিপুৰত আৰক্ষীৰ অভিযান...

    এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মহানগৰীৰ ভৰলুমুখ আৰক্ষী আৰু জালুকবাৰী আৰক্ষীয়ে শান্তিপুৰ হিলচাইড কলনীৰ এটা ভাড়াঘৰত যুটীয়াভাৱে এক ড্ৰাগছবিৰোধী অভিযান চলায়। আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে হাঁচিনুৰ আলম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱক আটক হয়।

    • Share this:
    মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তথা অসম আৰক্ষীয়ে বিগত কেইবামাহ ধৰি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰণচালি অব্যাহত ৰখাৰ মাজতেই গুৱাহাটী মহানগৰীত পুনৰ সক্ৰিয় ৰূপ ধাৰণ ড্ৰাগছ সৰবৰাহকাৰীৰ। তাৰেই এক প্ৰতিফলন ঘটিল মহানগৰীৰ সদাব্যস্ত শান্তিপুৰ অঞ্চলত।

    জানিব পৰা মতে, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মহানগৰীৰ ভৰলুমুখ আৰক্ষী আৰু জালুকবাৰী আৰক্ষীয়ে শান্তিপুৰ হিলচাইড কলনীৰ এটা ভাড়াঘৰত যুটীয়াভাৱে এক ড্ৰাগছবিৰোধী অভিযান চলায়। আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে হাঁচিনুৰ আলম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱক আটক হয়। আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে ১৯ টাকৈ সন্দেহজনক ড্ৰাগছভৰ্তি কন্টেইনাৰৰ লগতে দুটা মোবাইল ফোন জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ২৫.৫ গ্ৰাম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, আটকাধীন যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই অহা বুলি অঞ্চলটোল একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। ইফালে, ধৃত যুৱকজনৰ বিৰুদ্ধে ভৰলু আৰক্ষীয়ে  NDPS আইনৰ অধীনত ৰুজু কৰিছে এক গোচৰ। সম্প্ৰতি ভৰলু আৰক্ষীৰ জিম্মাত থকা যুৱকজনক সোধাপোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সোধাপোছাত ড্ৰাগছ সৰবৰাহৰ সংক্ৰান্তত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
    Published by:Kokil Sarma
    First published: