ক্ৰাইম ব্ৰাঞ্চ আৰু ভৰলুমুখ আৰক্ষীৰ যৌথ অভিযানত জব্দ ২ কেজি ৩০০ গ্ৰাম গাঞ্জা; আটক এগৰাকী মহিলা
ক্ৰাইম ব্ৰাঞ্চ আৰু ভৰলুমুখ আৰক্ষীৰ যৌথ অভিযানত জব্দ ২ কেজি ৩০০ গ্ৰাম গাঞ্জা; আটক এগৰাকী মহিলা
নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। এখন ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে আৰক্ষীয়ে ৰাজ্যৰ চৌদিশে চলাই আছে একাংশ নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযান।
শুক্ৰবাৰে ক্ৰাইম ব্ৰাঞ্চ আৰু ভৰলুমুখ আৰক্ষীয়েও সম্পন্ন কৰে এক যৌথ নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযান। মহানগৰীৰ আঠগাঁও অঞ্চলৰ কেডাৰ ৰোডত চলা এই অভিযানটোত জব্দ হয় ২ কেজি ৩০০ গ্ৰাম ওজনৰ গাঞ্জা। জানিব পৰা মতে, আঠগাঁৱৰ ৫ নং ৰে'ল গেটৰ সমীপত দীৰ্ঘদিন ধৰি গাঞ্জা বিক্ৰী হৈ থকাৰ গোপন খবৰৰ ভিত্তিত ভৰলুমুখ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে এই অভিযানটো চলাইছিল। এই যৌথ অভিযানটোত গাঞ্জাৰ লগতে কেইবাটাও সুৰাৰ বটলো জব্দ হয়। উল্লেখ্য যে, ঘটনা সন্দৰ্ভত আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে এগৰাকী মহিলাক আটক কৰিছে। ধৃত মহিলাগৰাকী আৰু স্বামীৰ মতে অন্য এগৰাকী লোকে তেখেতক বিক্ৰীৰ বাবে দিছিল গাঞ্জাখিনি।সম্প্ৰতি এই সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। অধিক তথ্যৰ বাবে ধৃত মহিলাগৰাকীক সোধপোছ চলাই আছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|