
Guwahati Double Murder: মহানগৰীৰ বেলতলাৰ ছাৰ্ভেৰ হত্যাকাণ্ডৰ সৈতে জড়িত কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘ জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকাশক। হত্য়াকাণ্ডত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
Guwahati Double Murder: মহানগৰীৰ বেলতলাৰ ছাৰ্ভেৰ হত্যাকাণ্ডৰ সৈতে জড়িত কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘ জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকাশক। হত্য়াকাণ্ডত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
মহানগৰীৰ বেলতলাৰ ছাৰ্ভেৰ হত্যাকাণ্ডৰ সৈতে জড়িত কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি বৃদ্ধ দম্পতীৰ কেয়াৰটেকাৰ হিচাপে আছিল আকাশ চৌধুৰী। দীৰ্ঘ জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকাশক। হত্য়াকাণ্ডত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
২০ বছৰ ধৰি ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীৰ কেয়াৰটেকাৰ হিচাপে আছিল আকাশ চৌধুৰী। ননী গোপাল বৰুৱা আৰু পত্নী মীনা বৰুৱাক চোৱা চিতা কৰিছিল আকাশে ৷ ননী গোপাল বৰুৱা অৱসৰ প্ৰাপ্ত কেন্দ্ৰীয় জল পৰিবহন বিভাগৰ অভিযন্তা বিপৰীতে মীনা বৰুৱা অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৷ ৮০ উৰ্ধৰ দুই পতি–পত্নীক শোৱাপাটীতে দেহৰ বিভিন্ন অংশত আঘাত কৰি হত্যা কৰিছিল হত্য়াকাৰীয়ে ৷ সন্দেহ কৰা হৈছে সম্পত্তিৰ লোভতে আকাশে হত্য়া কৰিলে নেকি বৃদ্ধ দম্পতীক ! নিশা হত্য়াকাণ্ড সংঘটিত হোৱা ঘৰটোতে পাৰ্টি কৰিছিল। পাৰ্টিৰ পৰা দুজন লোক ওলাই যোৱাৰ দৃশ্য চিচি কেমেৰাত বন্দী হৈছে। ইয়াৰে এজন আছিল আকাশ চৌধুৰীৰ ভাতৃ পৰেশ চৌধুৰী। পৰেশ চৌধুৰীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|