সোমবাৰে দুপৰীয়া ১:৪০ বজাত লালুংগাওৰ সমীপত থকা সেউজ নগৰত সংঘটিত হয় ডকাইতিৰ ঘটনা। পালচাৰ ২২০ বাইকত অহা দুৰ্বত্তই কাঢ়ি লৈ গ'ল ২৮ লাখ টকা কঢ়িওৱা বেগ।
সোমবাৰে দুপৰীয়া ১:৪০ বজাত লালুংগাওৰ সমীপত থকা সেউজ নগৰত সংঘটিত হয় ডকাইতিৰ ঘটনা। পালচাৰ ২২০ বাইকত অহা দুৰ্বত্তই কাঢ়ি লৈ গ'ল ২৮ লাখ টকা কঢ়িওৱা বেগ।
অপৰাধৰ ৰম্যভুমিত পৰিণত হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী। প্ৰত্যেক দিনে সংঘটিত হৈছে চুৰি ডকাইতি। সোমবাৰে দুপৰীয়া ১:৪০ বজাত লালুংগাওৰ সমীপত থকা সেউজ নগৰত সংঘটিত হয় ডকাইতিৰ ঘটনা।
পালচাৰ ২২০ বাইকত অহা দুৰ্বত্তই কাঢ়ি লৈ গ'ল ২৮ লাখ টকা কঢ়িওৱা বেগ।মহানগৰীত নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষীক পুনৰ বুঢ়া আঙুলি দেখুৱাই সংঘটিত কৰিলে ডকাইতিৰ ঘটনা। সত্য নাৰায়ন ৰায় নামৰ মাছ ব্যাৱসায় জনৰ পৰা কাঢ়ি লৈ গ'ল টকা। দাক্ষিণাত্যৰ মাছৰ কোম্পানী KMF ৰ অনাদায় থকা ২৮ লাখ টকা লগত লৈ দিবলৈ আহিছিল লালুংগাও মাছ বজাৰত থকা এজেণ্ট জনলৈ।নিজৰ ঘৰ ঢপলীয়াৰ পৰা লালুংগাও মাছ বজাৰলৈ লৈ আনিছিল টকা খিনি। মাছ বজাৰ পোৱাৰ আগতে সেউজপুৰৰ পৰা পালচাৰ বাইকত অহা দুই ডকাইতে লুটি নিলে ধন খিনি । স্কুটী বাহনেৰে সত্যা নাৰায়ন ৰায় নামৰ লোক জনে ধন খিনি লৈ আহিছিল বজাৰত থকা kmf ৰ এজেণ্ট নাগ ৰাজুলৈ। নাগ ৰাজুৰ লগত সম্প্ৰতি আৰক্ষীয়ে যোগাযোগ কৰিছে যদিও মোবাইল ফোন বন্ধ কৰি ৰাখিছে। ঘটনাস্থলীত গড়চুক আৰক্ষী বশিষ্ঠ আৰক্ষী, আৰু ফটাশিল আৰক্ষী থানাৰ লোক উপস্থিত হৈ স্থান পৰিদৰ্শন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|