• Home
  • »
  • News
  • »
  • crime
  • »
  • মহানগৰীৰ ভৰলুমুখত মাতৃৰ কোলাৰ পৰাই ৩ বছৰীয়া শিশুক কাঢ়ি নিলে ২ দুৰ্বৃত্তই ...

মহানগৰীৰ ভৰলুমুখত মাতৃৰ কোলাৰ পৰাই ৩ বছৰীয়া শিশুক কাঢ়ি নিলে ২ দুৰ্বৃত্তই ...

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাতৃৰ কোলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে এটি ৩ বছৰীয়া শিশু। মাতৃৰ ভাষ্য অনুসৰি এখন স্কুটাৰত অহা দুটাকৈ দুৰ্বৃত্তই কাঢ়ি নিলে শিশুটি।

  • Share this:

সন্ধিয়াৰ সময়ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো। দুৰ্ভগীয়া মাতৃগৰাকী শান্তিপুৰ মছজিদ গলিত ভাৰাতীয়া হিচাপে বসবাস কৰে। মহিলাগৰাকীৰ প্ৰকৃত ঘৰ ধুবুৰী জিলাত বুলি জানিব পৰা গৈছে। অতিকৈ দৰিদ্ৰ মহিলাগৰাকীয়ে ভৰলুমুখ, কুমাৰপাৰা আদি বিভিন্ন ঠাইত ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰাৰ লগতে পৰিয়াল পোহপাল দি আহিছিল। এই ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে ইতিমধ্যে নিজৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে শিশুটিৰ কোনো সম্ভেদ লাভ কৰিব পৰা নাই। ইফালে, নিজৰ কণমানি শিশুটিক হেৰুওৱাই একপ্ৰকাৰ শোকত ভাগি পৰিছে মহিলাগৰাকী। অতি শীঘ্ৰে শিশুটিক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তকেইটাক কৰায়ত্ত কৰিবলৈ দুৰ্ভগীয়া মহিলাগৰাকীয়ে আৰক্ষীক কৰযোৰে আহ্বান কৰিছে।
Published by:Kokil Sarma
First published: