মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Drugs, Fake Note : কোৰোণাৰ আতংকৰ মাজতো বাঢ়িছে অপৰাধজনিত ঘটনা। ৰাজ্যত নিচাযুক্ত দ্ৰব্য আৰু জাল নোটৰ মহাজাল।

Drugs, Fake Note : কোৰোণাৰ আতংকৰ মাজতো বাঢ়িছে অপৰাধজনিত ঘটনা। ৰাজ্যত নিচাযুক্ত দ্ৰব্য আৰু জাল নোটৰ মহাজাল।

গোৱালপাৰাৰ জলেশ্বৰত হেৰোইন, নিচা জাতীয় বিভিন্ন প্ৰকাৰৰ টেবলেট আৰু জাল নোট জব্দ। জহিৰুল ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ।

  • Share this:
নিচাযুক্ত দ্ৰব্য আৰু জাল নোটৰ মহাজালে ছানি ধৰিছে সমগ্ৰ ৰাজ্য। কোৰোণা ৰোধৰ বাবে আৰক্ষী অধিক সষ্টম হৈ থকাৰ মাজতো অবৈধ ড্ৰাগছ আৰু  জাল নোটৰ ৰমৰমীয়া বেহা এৰা নাই দুষ্ট চক্ৰই।

গোৱালপাৰাৰ জলেশ্বৰৰ সমষ্টিৰ বিভিন্ন স্থানত দীৰ্ঘ দিনৰ পৰাই অব্যাহত আছে  হেৰোইন, গাঞ্জা তথা নিচা জাতীয় বিভিন্ন প্ৰকাৰৰ টেবলেটৰ ভয়ংকৰ ব্যৱসায়। কেৱল ড্ৰাগছেই নহয়,  জাল নোট ছপা আৰু সৰবৰাহৰো এখন গোপন বজাৰ চলি আছে জল্অশ্বৈৱৰত।

ইয়াৰ মাজতে গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু লক্ষীপুৰ আৰক্ষী বিষয়া তিলক ৰায়ৰ নেতৃত্ৱত আৰক্ষীৰ দলে জলেশ্বৰৰ ৰাজমিতাত অভিযান চলাই হেৰোইন, নিচা জাতীয় বিভিন্ন প্ৰকাৰৰ টেবলেট আৰু জাল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ৰাজমিতা গাঁৱৰ আতোৱাৰ ৰহমানৰ পুত্র জহিৰুল ইছলামৰ ঘৰৰ পৰা জব্দ কৰা হয় সামগ্ৰীখিনি। নিচাযুক্ত দ্ৰব্য আৰু জাল নোট সৰবৰাহত জড়িত থকা জহিৰুল ইছলামক আৰক্ষীয়ে আটক কৰে।

জব্দ কৰা নিচাযুক্ত দ্ৰব্যখিনি  চণ্ডীগড়ৰ পৰা আনিছিল বুলি স্ৱীকাৰ কৰিছে জহিৰুলে।

শেহতীয়া বাতৰি