• Home
  • »
  • News
  • »
  • crime
  • »
  • দালাল ! শিক্ষকেই নহয়, বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে লয় লাখ লাখ টকা ! হাজোৰ বৰম্বৈত ধৰা পৰিল ভুৱা শিক্ষক নিযুক্তিৰ মূল মাষ্টাৰ মাইণ্ড...

দালাল ! শিক্ষকেই নহয়, বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে লয় লাখ লাখ টকা ! হাজোৰ বৰম্বৈত ধৰা পৰিল ভুৱা শিক্ষক নিযুক্তিৰ মূল মাষ্টাৰ মাইণ্ড...

কেৱল শিক্ষকেই নহয় বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ নামত ধন লৈছিল এইজন দালালে। অৱশেষত হাজো আৰক্ষীৰ জালত পৰিছে ভুৱা টেট শিক্ষক নিযুক্তিৰ মূল মাষ্টাৰ মাইণ্ড মহম্মদ ইছলামুদ্দিন।

  • Share this:
লাখ লাখ টকাৰ বিনিময়ত দিয়া হয় চাকৰি। কেৱল শিক্ষকেই নহয় বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ নামত ধন লৈছিল এইজন দালালে। অৱশেষত হাজো আৰক্ষীৰ জালত পৰিছে ভুৱা টেট শিক্ষক নিযুক্তিৰ মূল মাষ্টাৰ মাইণ্ড মহম্মদ ইছলামুদ্দিন।

মহম্মদ ইছলামুদ্দিনক হাজোৰ বৰম্বৈৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। বৰম্বৈৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত হাজো আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আটক কৰিছে ইছলামুদ্দিনক। এইজন ইছলামুদ্দিনে হাজোৰ বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ পৰা ৫ৰ পৰা ১০ লাখ কৈ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে। কেৱল শিক্ষা বিভাগতেই নহয় বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত ধন লৈছিল এইজন ইছলামুদ্দিনে। এই সমগ্ৰ ঘটনাত নগাঁৱৰ ড০ জাহিৰুল ইছলাম জড়িত বুলি স্বীকাৰোক্তি কৰিছে ধৃত ইছলামুদ্দিনে।
Published by:Kokil Sarma
First published: