ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত দলৱদ্ধ বলাৎকাৰ আৰু কেইবাটাও অপৰাধৰ ধাৰাত FIR ৰুজু কৰা হৈছে।
ডিব্ৰুগড়ত এগৰাকী ২১ বছৰীয়া কলেজীয়া ছাত্ৰক দলৱদ্ধ বলাৎকাৰৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। সহপাঠী ছাত্ৰীৰ গোচৰৰ ভিত্তিত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হয়। ছাত্ৰীগৰাকীৰ নগ্ন ফটো চাৰ্কুলেট হোৱাটো দৃষ্টিগোচৰ হোৱাৰ পিছতে ছাত্ৰীগৰাকীয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰে।
শনিবাৰে কলেজীয়া ছাত্ৰীগৰাকীয়ে ৰুজু কৰা গোচৰ মতে ছাত্ৰীগৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাই ছমাহ পূৰ্বে অভিযুক্তই দলৱদ্ধ বলাৎকাৰ কৰিছিল।
ঘটনা মতে, একেখন কলেজৰ লগতে একেখন গাঁৱৰে সহপাঠী আৰিয়ান দাসে কলেজলৈ যাবলৈ লগ ধৰিছিল ছাত্ৰীগৰাকীক। প্ৰথমে স্কুটীৰে দুয়ো কলেজলৈ গৈছিল যদিও স্কুটীৰ পেট্ৰ’ল শেষ হোৱাত ভিনিয়েক পবিত্ৰ হাজৰিকাৰ গাড়ীত কলেজলৈ বুলি ৰাওনা হৈছিল। ইয়াৰ পাছতেই কলড্ৰিংকছ খাবলৈ দিছিল ছাত্ৰীগৰাকীক। তাৰ পাছতেই অচেতন হৈ পৰে ছাত্ৰীগৰাকী। চেতনা ঘূৰাই পাই নিজকে বন্ধ ৰূমত উলংগ অৱস্থাত পাই ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীয়ে হুলস্থূল কৰাত ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ সকলোকে প্ৰাণেমৰাৰ ভাবুকি প্ৰদান কৰে।
সেই সময়ত নিজৰ পৰিয়ালৰ প্ৰাণৰ ভয়ত মনে মনে আছিল যুৱতীগৰাকী। কিন্ত কিছুদিনৰ পাছতেই একেখন গাঁৱৰ দেৱজিত দাস নামৰ এজন যুৱকে ব্লেকমেইলিং আৰম্ভ কৰে যুৱতীগৰাকীক। যুৱতীগৰাকীয়ে নিশা কটালে ম’বাইলত থকা ফটো–ভিডিও ডিলিট কৰা কথা কৈছিল অভিযুক্ত দাসে। ইয়াৰ পিছতে পৰিয়ালৰ লোকৰ সহায়ত আৰক্ষীৰ কাষ চাপে ভুক্তভোগী ছাত্ৰীগৰাকী।
এজাহাৰৰ ভিত্তিত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী পলাতক হৈ থকা পবিত্ৰ হাজৰিকা, সহপাঠী আৰিয়ান দাস আৰু অ’এনজিচিৰ কৰ্মচাৰী দেৱজিত দাসৰ সন্ধান চলাইছে বৰবৰুৱা আৰক্ষীয়ে। ইতিমধ্যে আৰিয়ান দাসক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আন দুজন বৰ্তমানেও পলাতক হৈ আছে। ইফালে, অহা জানুৱাৰীত বিবাহৰ দিন ঠিক কৰি থোৱা আছিল ছাত্ৰীগৰাকীৰ। এই ঘটনাৰ বাবে বৰ্তমান বিবাহ ভাঙিছে যুৱতীগৰাকীৰ। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ছাত্ৰীগৰাকীৰ ঘৰত বিয়াৰ কথা–বতৰা চলি আছিল আৰু সাম্ভাব্য দৰালৈ কোনোবাই সেই নগ্ন ফটোখন প্ৰেৰণ কৰে। তেতিয়াহে তেওঁ কথাটো গম পাই আৰু আৰক্ষী থানাত গোচৰ ৰুজু কৰে।
ছাত্ৰীগৰাকীৰ আপত্তিজনক ফটো প্ৰচলন হোৱাৰ পিছতে যিসকলে তেওঁক ব্লেকমেইল কৰিব বিচাৰিছিল তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে সুকীয়াকৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।
ছাত্ৰীগৰাকীয়ে আৰক্ষীক দিয়া বিৱৰণী মতে অচেতন হৈ থকাৰ কাৰণে ঘটনাটোৰ কোনো কথা তেওঁৰ মনত নাই কিন্তু তেওঁ সন্দেহ কৰিছে যে অচেতন হৈ থাকোতে দলৱদ্ধ বলাৎকাৰ কৰি তেতিয়াই তেওঁৰ নগ্ন ফটো তোলা হৈছিল। আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তেওঁৰ বিবৃতি ৰেকৰ্ড কৰিছে।
ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত দলৱদ্ধ বলাৎকাৰ আৰু কেইবাটাও অপৰাধৰ ধাৰাত FIR ৰুজু কৰা হৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|