মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Assam Fake Teacher Racket| ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা BTRৰ ৩৬ গৰাকী শিক্ষকৰ বিপদঘণ্টা, ৰাজ্যৰ অন্য প্ৰান্ততো একেই জালিয়াতিৰ আশংকা

Assam Fake Teacher Racket| ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা BTRৰ ৩৬ গৰাকী শিক্ষকৰ বিপদঘণ্টা, ৰাজ্যৰ অন্য প্ৰান্ততো একেই জালিয়াতিৰ আশংকা

News18 Assam | News18-Assam
Updated:October 5, 2021, 10:07 AM IST
Assam Fake Teacher Racket| ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা BTRৰ ৩৬ গৰাকী শিক্ষকৰ বিপদঘণ্টা, ৰাজ্যৰ অন্য প্ৰান্ততো একেই জালিয়াতিৰ আশংকা

  • Share this:
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (CID) শেহতীয়াকৈ ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা ২১জন প্ৰৱঞ্চক শিক্ষকক গ্ৰেপ্তাৰ কৰিছে। জালিয়াতিৰে শিক্ষকতাৰ দৰে মহান বৃত্তিৰ নিযুক্তিকো কলুষিত কৰা এইসকল ভুৱা শিক্ষকৰ অধিকাংশই বিটিআৰ এলেকাৰ। বিটিআৰত ৫২জনকৈ ভুৱা শিক্ষকে বক্ৰ পন্থাৰে চাকৰি লোৱাৰ অভিযোগ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে বিভাগীয় অনুসন্ধানৰ বাবে চিআইডিয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ৪২০. ৪৬৭, ৪৬৮ আৰু ৪৭১ ধাৰাৰ অধীনত ১০/২০২১ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত মুঠ ৩৬জন এনে শিক্ষকে ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লাভৰ তথ্য হাতত পৰে চিআইডিৰ।

চাকৰি পোৱাসকলে ভুৱা প্ৰমাণপত্ৰৰ সৈতে আৱেদন কৰিছিল বিটিআৰৰ শিক্ষা সঞ্চালকালয়ত। চিআইডিয়ে পৰৱৰ্তী সময়ত অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ সৈতে যোগাযোগ কৰাৰ পিছতে জোলোঙাৰ মেকুৰী ওলাই পৰে।  ইয়াৰ পিছতে আনুষ্ঠানিক গোচৰ ৰুজু কৰি  তদন্ত চলায় চিআইডিয়ে।

এইপৰ্যন্ত মুঠ ২১জন ভুৱা শিক্ষকক চিআইডিয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে তামুলপুৰ এলেকাৰ ১০জন, হাজো এলেকাৰ ৬জন, ছয়গাওঁ এলেকাৰ এজন, মাটিয়াৰ ২জন, চিৰাঙৰ এগৰাকী শিক্ষয়িত্ৰী থকাৰ কথা প্ৰকাশ। অৱশ্যে চিআইডিৰ আনুষ্ঠানিক বিবৃতি এতিয়াও বাকী। ইতিমধ্যে অভিযুক্তসকলক জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশমৰ্মে সোমবাৰে চিআইডিয়ে তিনিদিনৰ বাবে জিম্মাত লৈছে।


কেনেকৈ কৰিছিল জালিয়াতি (How Assam Fake Teacher Scam was done):

তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা মতে ভুৱা শিক্ষকসকলৰ জালিয়াতি ইমানেই নিখুঁট যে তাক সহজে ধৰিব পৰা নাযায়। অনুসন্ধানত ওলায় যে এইসকল শিক্ষকে চৰকাৰে আয়োজন কৰা টেটত অনুত্তীৰ্ণ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এইসকলে প্ৰমাণ পত্ৰত ভুৱা ৰোল নম্বৰ সন্নিবিষ্ট কৰি অথবা আন টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ ৰোল নম্বৰ সন্নিবিষ্ট কৰি TET উত্তীৰ্ণৰ ভুূৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰিছিল। এনেদৰে তেওঁলোকে শিক্ষক পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে চিআইডিয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট (SIT) গঠন কৰিছে।

উদ্বেগজনক বিষয় যে তদন্তকাৰী সংস্থাটোৱে আশংকা কৰা মতে কেৱল BTRৰ এলেকাতেই নহয় ৰাজ্যৰ আন প্ৰান্ততো এনেধৰণে ভুৱা শিক্ষক নিযুক্তিৰ তথ্য পোৱাৰ সম্ভাৱনা আছে।
First published: October 5, 2021, 10:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি