
কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ শেনদৃষ্টি অসমৰ মাদ্ৰাছাসমূহত। তথ্য অনুসৰি বৰ্তমান সমগ্ৰ অসমত চৰকাৰী আৰু বেচৰকাৰী সৰ্বমুঠ ৯৫০খন মাদ্ৰাছা আছে।
কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ শেনদৃষ্টি অসমৰ মাদ্ৰাছাসমূহত। তথ্য অনুসৰি বৰ্তমান সমগ্ৰ অসমত চৰকাৰী আৰু বেচৰকাৰী সৰ্বমুঠ ৯৫০খন মাদ্ৰাছা আছে।
কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ শেনদৃষ্টি অসমৰ মাদ্ৰাছাসমূহত। তথ্য অনুসৰি বৰ্তমান সমগ্ৰ অসমত চৰকাৰী আৰু বেচৰকাৰী সৰ্বমুঠ ৯৫০খন মাদ্ৰাছা আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিকাংশ মাদ্ৰাছা হোজাই, নগাঁও,বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলাত অৱস্থিত। লগতে মৰিগাঁও, নলবাৰী, বঙাইগাঁও আদি বিভিন্ন জিলাতো সংখ্যালঘূ জনবসতিপ্ৰধান অঞ্চলত ধৰ্মীয় শিক্ষাৰ নামত বহু মাদ্ৰাছা স্থাপিত হৈছিল। কিন্তু শেহতীয়াকৈ মৰিগাঁও জিলাৰ দুখনকৈ মাদ্ৰাছাত আনছাৰুল্লাহ বাংলাদেশীৰ শ্লিপাৰ চেল সক্ৰিয় হৈ থকাৰ প্ৰমাণ পোৱাৰ পিছতে ৰাজ্যৰ মাদ্ৰাছাসমূহত জেহাদী কাৰ্যকলাপ চলি থকা সন্দৰ্ভত চোৰাংচোৱাই লাভ কৰা তথ্য সত্য প্ৰমাণিত হৈছে। মৰিগাঁৱৰ পৰা জেহাদীৰ লিংক বিচাৰি আজি নগাঁও জিলাৰ ধিং ভেৰভেৰীতো আৰক্ষীয়ে অভিযান চলায়। ধিঙৰ পৰা আৰক্ষীয়ে আমিৰ হামজা নামৰ এজন মাদ্ৰাছাৰ শিক্ষকক গ্ৰেপ্তাৰ কৰিছে। আমিৰ হামজাক বৰ্তমান মৰিগাঁও আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জেৰা অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে মধ্যঅসমৰ সৰ্বাধিক মাদ্ৰাছা হোজাই আৰু নগাঁও জিলাত অৱস্থিত। ধিঙৰ সমীপৱৰ্তী বটদ্ৰৱা, জুৰীয়া আৰু ৰূপহী অঞ্চলত প্ৰায় ১৩০ খন মাদ্ৰাছা আছে। ইয়াৰে পঞ্জীয়নহীন বহু মাদ্ৰাছাই বৰ্তমান চিন্তিত কৰি তুলিছে আৰক্ষীক। একেদৰে হোজাই জিলাৰ মোৰাঝাৰ, যমুনামুখ, ডবকা, নীলবাগান আৰু হোজাই জিলাত থকা বহু মাদ্ৰাছাও সন্দেহৰ আবৰ্তত সোমাই পৰিছে। পূৰ্বে হোজাই জিলাৰ যমুনামুখৰ পৰা কামৰুজ জামান নামৰ হিজবুল মুজাহিদীনৰ এজন দুধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতে হোজাই আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যুটীয়াভাৱে অভিযান চলায় ৫জন শ্লিপাৰ চেলৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ ৪বছৰ পিছত পুনৰ মধ্যঅসমত আন এটা জেহাদী সংগঠনৰ অৱস্থিতি প্ৰমাণ হোৱা কাৰ্যই উদ্বিগ্ন কৰি তুলিছে গৃহ মন্ত্ৰনালয়ক। সেয়ে বৰ্তমান সমগ্ৰ ৰাজ্যৰ লগতে মধ্য অসমৰ বহু মাদ্ৰাছাত জেহাদী কাৰ্যকলাপ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|