বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ দৰঙামেলাত আৰক্ষীৰ জালত হত্যাকাৰী ৷ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত শশীপুৰত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷
বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ দৰঙামেলাত আৰক্ষীৰ জালত হত্যাকাৰী ৷ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত শশীপুৰত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷
বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ দৰঙামেলাত আৰক্ষীৰ জালত হত্যাকাৰী ৷ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত শশীপুৰত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ গোপন সূত্ৰৰ পম খেদি তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হত্যাকাৰীক ৷
হত্যাকাৰীৰ নাম জগবন্ধু মণ্ডল ৷ তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত, কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নিলভজ্যোতি নাথ আৰু দৰঙামেলা আৰক্ষী চকীৰ আৰক্ষী বিষয়া গোপাল দলেৰ সহযোগত সোমবাৰে নিশা চলা অভিযানত গ্ৰেপ্তাৰ হয় শশীপুৰৰ গোসাই বিশ্বাসৰ হত্যাকাণ্ডৰ নায়ক জগবন্ধু মণ্ডল । কুমাৰীকাটাৰ আঙাৰকাটাৰ হাজংবস্তিৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাণ্ডৰ মূল নায়ক জগবন্ধু মণ্ডলক। উল্লেখ্য যে হত্যাকাৰী জগবন্ধু মণ্ডলৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাৰ বলি হোৱা গোঁসাই বিশ্বাসৰ পত্নীকো। অবৈধ প্ৰেমৰ পৰিণতিতে গোঁসাই বিশ্বাসৰ পত্নীয়ে জগবন্ধু মণ্ডলৰ সৈতে মিলি গোঁসাই বিশ্বাসক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। পিচত পত্নী আৰু জগবন্ধু মণ্ডল বাক্সা জিলা সদৰ মুছলপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|