হোজাইত ড্ৰাগছসহ আটক ৫ যুৱকক। ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা ৪টা মোবাইল ফোন আৰু দুখন বাহন জব্দ কৰে আৰক্ষীয়ে।
বৃহস্পতিবাৰে সন্ধিয়া ডবকা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিচাজাতীয় টেবলেটসহ চাৰি জন যুৱকক আটক কৰাৰ পাছত হোজাইৰ হাম হাস্পতালৰ সন্মুখৰ পৰা আন এজন যুৱকক আটক কৰে।
ডবকা-ডিফু বাইপাছৰ আকাশীগংগাৰ পৰা যোৱা নিশা আটক কৰা যুৱক কেইটা হৈছে এলবাৰ্ট টকবি, পৰম তেৰং, ৰাইকোম বে আৰু চাৰিম বে। আজি চাৰিওটাক জে'ললৈ প্ৰেৰণ কৰা হয়।
যুৱক কেইজনৰ পৰা আৰক্ষীয়ে ৩৫৮টা নিচাজাতীয় টেবলেট, চাৰিটা মোবাইল ফোন আৰু AS-27-1154 নম্বৰৰ এলটো বাহন জব্দ কৰিবলৈ সক্ষম হয়। আটক হোৱা যুৱক কেইজনৰ ঘৰ কাৰ্বিআংলঙৰ বকলীয়া আৰু হাওৰাঘাটৰ বুলি জানিব পৰা গৈছে।
আনহাতে আজি হোজাই হাম হাস্পতালৰ সন্মুখৰ পৰা নামডবকা গাঁৱৰ ছাহাব উদ্দিনক আটক কৰে। হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালিয়ে এক গোপন সুত্ৰৰ পম খেদি ছাহাব উদ্দিনক আটক কৰে। ছাহাব উদ্দিনৰ পৰা লগতে প্ৰায় ২৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে AS-03-Z- 4144 নম্বৰৰ গাড়ীখনো জব্দ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ছাহাব উদ্দিনৰ ডবকাৰ ঘৰতো তালাচী চলায়।
উল্লেখ্য যে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই হোজাইত যোগদান কৰাৰ পিছৰে পৰা গাঞ্জা আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছে৷
Published by: Manjumoni Borah
FIRST PUBLISHED : May 21, 2021, 14:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।