• Home
  • »
  • News
  • »
  • crime
  • »
  • Aryan Khan Drugs Case : ড্ৰাগছৰ গোচৰত জামিন নাপালে আৰিয়ান খানে, আৰু ৬ দিন থাকিব লাগিব কাৰাগাৰত

Aryan Khan Drugs Case : ড্ৰাগছৰ গোচৰত জামিন নাপালে আৰিয়ান খানে, আৰু ৬ দিন থাকিব লাগিব কাৰাগাৰত

আৰিয়ান খান (Aryan Khan)

আৰিয়ান খান (Aryan Khan)

অৰিয়ান খানৰ জামিন আবেদনৰ পৰৱৰ্তি শুনানি অহা ২০ অক্টোবৰত হ'ব। তেতিয়ালৈ জে'লতেই থাকিব লাগিব আৰিয়ান।

  • Share this:
বৃহস্পতিবাৰেও ড্ৰাগছৰ গোচৰ(Drugs Case)ত জামিন নাপালে শ্বাহৰুখ খান (Sharukh Khan)ৰ পুত্ৰ আৰিয়ান খানে (Aryan Khan)। ফলত আৰু কমেও ৬ দিন আৰিয়ান খান কাৰাগাৰত থকাটো নিশ্চিত হৈ পৰিল। কাৰণ অৰিয়ান খানৰ জামিন (Aryan Khan Bail) আবেদনৰ পৰৱৰ্তি শুনানি অহা ২০ অক্টোবৰত হ'ব। সিদিনা জামিন আবেদনৰ ৰায় দিয়াৰ আশা আছে যদিও ন্যায়াধীশ বি বি পাটিলে সেইদিনা তেওঁ আনকেইবাটাও গোচৰত ব্যস্ত থাকিব বুলি জানিব দিয়াৰ পিছত ২০ অক্টোবৰতো জামিন লাভৰ আশা ক্ষীণ দেখা গৈছে।

বিলাসী জাহাজত ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আৰিয়ান খানৰ জামিন আবেদনৰ সময়ত আজি মুম্বাইৰ ছেছন আদালতে  এনচিবি (NCB) আৰু আৰু আৰিয়ান খানৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত ৰায় সংৰক্ষিত ৰাখে। এতিয়া এই শুনানি ২০ অক্টোবৰত হ'ব।
Published by:Manjumoni Borah
First published: