• Home
  • »
  • News
  • »
  • crime
  • »
  • MARIANI : মৰিয়নিত আৰক্ষীৰ বেশত সুৰাৰ চোৰাং বেপাৰীৰ গুণ্ডাৰাজ, ৰাজপথৰ পৰা চালক-হেণ্ডিমেনক অপহৰণ কৰি দিলে বৈদ্যুতিক শ্বক

MARIANI : মৰিয়নিত আৰক্ষীৰ বেশত সুৰাৰ চোৰাং বেপাৰীৰ গুণ্ডাৰাজ, ৰাজপথৰ পৰা চালক-হেণ্ডিমেনক অপহৰণ কৰি দিলে বৈদ্যুতিক শ্বক

 অনুৰাগ চৌধুৰী নামৰ দুৰ্বৃত্তটো মৰিয়নি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এ ভি বি পিৰ সমাজ সেৱাৰ সম্পাদক বুলি জানিব পৰা গৈছে।

অনুৰাগ চৌধুৰী নামৰ দুৰ্বৃত্তটো মৰিয়নি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এ ভি বি পিৰ সমাজ সেৱাৰ সম্পাদক বুলি জানিব পৰা গৈছে।

অনুৰাগ চৌধুৰী নামৰ দুৰ্বৃত্তটো মৰিয়নি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এ ভি বি পিৰ সমাজ সেৱাৰ সম্পাদক বুলি জানিব পৰা গৈছে।

  • Share this:
এইবাৰ মৰিয়নিত আৰক্ষীৰ বেশত ডকাইতিত নামিল অৰুণাচলী সুৰাৰ চোৰাং বেপাৰী। মাজনিশা চিনেমাৰ কায়দাৰে যোৰহাটৰ পৰা নাগালেণ্ড অভিমুখী এখন বাহনৰ চালক আৰু হেণ্ডিমেনক এটা পাঁচজনীয়া দুৰ্বৃত্তৰ দলে ৰাজপথৰ পৰা  অপহৰণ কৰাৰ লগতে নাগালেণ্ডৰ এক অজ্ঞাত স্থানত আৱদ্ধ কৰি দুয়োৰে ওপৰত অমানুষিক শাৰীৰিক নিৰ্যাতন চলাই পুৱতিনিশা এৰি দিয়ে।

জানিব পৰা মতে,  শনিবাৰে মাজনিশা যোৰহাট নগৰৰ পৰা নাগালেণ্ড অভিমুখী এ এছ ০৩ চিচি ২৩১৮ নম্বৰৰ মাল পৰিবাহী টাটা পিক আপ গাড়ীখন মৰিয়নিৰ নিউ সোণোৱালৰ সমীপত  ক'লা ৰঙৰ এখন বলেৰ' আৰু এ এছ ০৩ এ এফ ৩৭৮৯ নম্বৰ এখন বগা ৰঙৰ এক্স ইউ ভি-১০০ বাহনত অহা ৫ জনীয়া দুৰ্বৃত্তৰ দলে আগচি ধৰে।

দুৰ্বৃত্তৰ দলটোৱে মালবাহী ট্ৰাকখনৰ চালক-হেণ্ডিমেনক আৰক্ষীৰ লোক বুলি পৰিচয় দি গাড়ীৰ পৰা নমাই বলেৰ' গাড়ীখনত উঠাই লোৱাৰ লগতে দুয়োৰে চকুত কাপোৰ বান্ধি দিয়ে। চালক আৰু হেণ্ডিমেন দুজনক দুৰ্বৃত্তৰ দলটোৱে  নাগালেণ্ডৰ অজ্ঞাত স্থানলৈ নি ধন দাবী কৰাৰ লগতে দুয়োকে নিৰ্মমভাৱে মাৰপিট কৰা উপৰি দেহত বৈদ্যুতিক শ্বক দি নিৰ্যাতন চলায় (Arunachali liquor smuggler kidnaps truck driver-handyman)।

ওৰে নিশা অকথ্য নিৰ্যাতন চলোৱাৰ পিছত দুৰ্বৃত্তৰ দলটোৱে মুৰ্মূষু অৱস্থাত চালক আৰু হেণ্ডমেনজনক চুটাফলা চেক গেটৰ ওচৰত এৰি থৈ যায়। গুৰুতৰভাৱে আহত চালক আৰু হেণ্ডিমেনজন মৰিয়নি আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ বিষয়ে অৱগত কৰি পাঁচ দুৰ্বৃত্তৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত মৰিয়নি আৰক্ষীৰ চক্ৰ পৰিদৰ্শক দণ্ডিৰাম বৰাই তৎপৰতাৰে অনুসন্ধান কৰি ঘটনাৰ লগত জড়িত ৰাজীৱ মিলি, বীৰেন কাৰ্ডং আৰু সমীৰণ গগৈ নামৰ তিনিটা দুৰ্বৃত্তক আটক কৰি জে'ল-হাজোতলৈ প্ৰেৰণ কৰে।

আনহাতে এই ঘটনাৰ নেতৃত্ব দিয়া মূল অভিযুক্ত ভৰত মিলি আৰু অনুৰাগ চৌধুৰী নামৰ দুটা দুৰ্বৃত্ত বৰ্তমানেও পলাতক হৈ আছে। ইফালে অনুৰাগ চৌধুৰী নামৰ দুৰ্বৃত্তটো মৰিয়নি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এ ভি বি পিৰ সমাজ সেৱাৰ সম্পাদক বুলি জানিব পৰা গৈছে।

উল্লেখ যে ঘটনাৰ লগত জড়িত ৰাজীৱ মিলি আৰু ভৰত মিলি চোৰাং অৰুণাচলী সুৰা ব্যৱসায়ৰ সৈতে জড়িত। আনহাতে ২০২১ চনৰ ১৯ জানুৱাৰীত মৰিয়নি থানাৰ সন্মুখৰ ৰাইবাহাদুৰ চুন্নি লাল নামৰ পেট্ৰ'ল পাম্পত মাৰণাস্ত্ৰ দেখুৱাই ডকাইতি কৰাৰ চেষ্টা কৰিছিল পলাতক ভৰত মিলি নামৰ অভিযুক্তটোৱে।

কিন্তু তেল ডিপ'টোৰ কৰ্তৃপক্ষই আৰক্ষীক সেই সময়ত এজাহাৰ দিয়াৰ পিছতো গ্ৰেপ্তাৰ নহ'ল ভৰত মিলি। অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি নিশাটোৰ ভিতৰতে ধনী হোৱা ভৰত মিলি নামৰ চোৰাং ব্যৱসায়ীটোৱে আৰক্ষীক ধন দি মেনেজ কৰি গ্ৰেপ্তাৰৰ পৰা হাত সাৰি যোৱাৰ অভিযোগ আছে।
Published by:Gautam Barman
First published: