
অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পৰা তিনিজন শ্ৰমিকক অপহৰণ।প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ পুমাও অঞ্চলৰ পৰা অপহৰণ কৰা শ্ৰমিক কেইজন হ'ল ক্ৰমে অসমৰ হীৰেন কোচ, বিহাৰৰ ৰামাশীষ মাহাতো আৰু স্থানীয় শ্ৰমিক বাংফা ৱাংফা।
অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পৰা তিনিজন শ্ৰমিকক অপহৰণ।প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ পুমাও অঞ্চলৰ পৰা অপহৰণ কৰা শ্ৰমিক কেইজন হ'ল ক্ৰমে অসমৰ হীৰেন কোচ, বিহাৰৰ ৰামাশীষ মাহাতো আৰু স্থানীয় শ্ৰমিক বাংফা ৱাংফা।
অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পৰা তিনিজন শ্ৰমিকক অপহৰণ। এন এছ চি এন (কে) অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ পুমাও অঞ্চলৰ পৰা অপহৰণ কৰা শ্ৰমিক কেইজন হ'ল ক্ৰমে অসমৰ হীৰেন কোচ, বিহাৰৰ ৰামাশীষ মাহাতো আৰু স্থানীয় শ্ৰমিক বাংফা ৱাংফা। আটাইকেইজন অৰুণাচল নাগালেণ্ড সীমান্তৰ লংখাও বস্তিত পথ নিৰ্মাণ কৰি থকা এটা নিৰ্মান প্ৰতিষ্ঠানত কৰ্মৰত আছিল ।
বিগত নিশা ৮ ৰ পৰা ৯ বজাৰ ভিতৰত হোৱা এই অপহৰণ কাণ্ডৰ পিছত আজি পুৱা ৬ বজাত স্থানীয় শ্ৰমিকজনক মুকলি কৰি দিয়ে যদিও বাকী অপহৃত দুজনক ম্যানমাৰ সীমান্তৰ দিশে লৈ যোৱাৰ তথ্য প্ৰদান কৰিছে এক নিৰ্ভৰযোগ্য সূত্ৰই। কি কাৰণত এই শ্ৰমিক কেইজনক অপহৰণ কৰিছে তাৰ এতিয়াও সঠিক তথ্য পোৱা নাই যদিও সন্দেহজনক উগ্ৰপন্থী সংগঠনটোৱে নিৰ্মান প্ৰতিষ্ঠানটোৰ পৰা ধন দাবী কৰাই মূল উদ্দেশ্য বুলি সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তা সূত্ৰই। উল্লেখযোগ্য যে ইয়াৰে এজন হৈছে ডিব্ৰুগড় জিলাৰ টিংখাং থানা তথা বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত দুই নং কেছেৰুগুৰি গাঁৱৰ নিবাসী বীৰেন কোচৰ পুত্ৰ হীৰেন কোচ । বিবাহিত হীৰেন কোঁচ বিগত ৫ বছৰ ধৰি লংডিঙত জেচিবি ড্ৰাইভাৰ হিচাপে কৰ্মৰত হৈ আছিল। যোৱা তিনিদিন ধৰি হীৰেনৰ সৈতে পৰিয়ালৰ যোগাযোগ বিছিন্ন হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । পত্নীসহ এগৰাকী দুবছৰীয়া কন্যা সন্তানৰ পিতৃ হীৰেন কোঁচৰ অপহৰণ খবৰ টিংখাং আৰক্ষীয়ে পৰিয়ালক জনোৱাৰ লগে লগেই পৰিয়ালটোত সৃষ্টি হৈছে হাহাকাৰ পৰিবেশৰ । অপহত হীৰেনক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে হীৰেনৰ মাতৃ, পত্নীৰ লগতে আত্মীয়ই । এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ ডিব্ৰুগড় জিলাত ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|