গুৱাহাটীলৈ আহি নিৰুদ্দেশ হৈছিল অৰুণাচলৰ সাংসদ তাপিৰ গাওৰ ভাতৃ। কালি পৰিয়ালৰ লোকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। ধাৰণা কৰা হৈছিল সাংসদ ভাতৃ তাহং গাও অপহূত হৈছে।
কিন্তু ঘটনা আছিল অন্য। আচলতে ৫ লাখ টকাৰ বিনিময়ত নকল ১০ লাখ টকা নিবলৈ গুৱাহাটীলৈ আহিছিল সাংসদ ভাতৃ তাহং গাও। আৰক্ষীয়ে ইতিমধ্য কৰায়ত্ত কৰা দুই অভিযুক্তৰ সৈতে আচল টকাৰ বিনিময়ত নকল টকা দিয়াৰ চুক্তি কৰিছিল তাহঙে।
সেই মৰ্মে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল তাহং গাও। গুৱাহাটীৰ দিছপুৰত প্ৰথমে তাহং গাওৰ সৈতে লগ হৈছিল ধৃত দুয়োজন লোক। পিছত দিছপুৰৰ পৰা নিজৰ কেবত ধৃত দুয়োজনে কোনো অজ্ঞাত স্থানলৈ লৈ গৈছিল তেওঁক।
পিছত তাহং গাওৰ লগত থকা ৫ লাখ টকা কাঢ়ি লৈ ভয়–ভাবুকিৰে পাণবজাৰ এলেকাত ধৃত দুয়োজনে নমাই দিছিল তাহং গাওক। তাৰ পৰাই তাহং গাৱে পাইছিল পাণবজাৰৰ মিনাৰ্ভা হোটেল।
জালনোটৰ বেপাৰৰ লগত জড়িত দুয়োজন লোক তেজপুৰ ঠেলামৰাৰ দিলীপ দাস আৰু লখিমপুৰ লালুকৰ মইনুল হক। দুয়ো আচল টকাৰ বিনিময়ত নকল টকা দিয়াৰ চুক্তি কৰিছিল তাহং গাৱৰ সৈতে। টকা নিবলৈ আহি প্ৰৱঞ্চনাৰ বলি হোৱা সাংসদ ভাতৃ এতিয়াৰ আৰক্ষীৰ জালত।
Published by: Gautam Barman
FIRST PUBLISHED : July 30, 2022, 16:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।