মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»পাকঘৰৰ পিৰালিত পুতি থৈছিল ৮ জাঁই সক্ৰিয় গুলী আৰু গঁড়ৰ দুটা নখ, গ্ৰেপ্তাৰ চোৰাংচিকাৰী

পাকঘৰৰ পিৰালিত পুতি থৈছিল ৮ জাঁই সক্ৰিয় গুলী আৰু গঁড়ৰ দুটা নখ, গ্ৰেপ্তাৰ চোৰাংচিকাৰী

News18 Assam | News18-Assam
Updated:August 4, 2021, 8:44 PM IST
পাকঘৰৰ পিৰালিত পুতি থৈছিল ৮ জাঁই সক্ৰিয় গুলী আৰু গঁড়ৰ দুটা নখ, গ্ৰেপ্তাৰ চোৰাংচিকাৰী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ  অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ৰ অভিযান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ  অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ৰ অভিযান।

  • Share this:

কাজিৰঙাৰ আশে-পাশে শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে চোৰাং চিকাৰীৰ গতিবিধি ৷ সমান্তৰালভাৱে পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে বন বিভাগ ৷ চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ চলাই গৈছে অভিযান ৷


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ  অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়েও চোৰাং চিকাৰীবিৰোধী  অভিযান অব্যাহত ৰাখিছে৷ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ৰ  ৰেঞ্জাৰ ইকবাল হুছেইনৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বিশ্বনাথৰ খেৰবাৰীৰ পৰা ৮ জাঁই ৩০৩ ৰাইফলৰ সক্ৰিয় গুলী আৰু গঁড়ৰ দুটা নখ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷


মঙলবাৰে নিশা চলোৱা এই অভিযানত খেৰবাৰীৰ মজাম আলী নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা এই সামগ্ৰীসমূহ  উদ্ধাৰ হৈছে ৷ পাকঘৰৰ পিৰালিত পুতি থোৱা অৱস্থাত আছিল সামগ্ৰীসমূহ ৷ ইতিমধ্যে মজাম আলীক গ্ৰেপ্তাৰ কৰিছে বন বিভাগে ৷  ধৃত মজাম আলী বিগত বৰ্ষৰ  ৭ আগষ্ট আৰু চলিত বৰ্ষৰ ২২ এপ্ৰিলত সংঘটিত গঁড় হত্যাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।



সম্প্ৰতি ধৃত মজাম আলীক জেৰা অব্যাহত ৰাখিছে বন বিভাগে ৷ ইফালে ৩০৩ ৰাইফলৰ গুলী উদ্ধাৰ হৈছে যদিও ৰাইফলটো বিচাৰি মজাম আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত  অভিযান আৰম্ভ কৰিছে বন বিভাগে ৷

Published by: Gautam Barman
First published: August 4, 2021, 8:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি