• Home
  • »
  • News
  • »
  • crime
  • »
  • হোজাইত নিজকে জেহাদী বুলি পৰিচয় দিয়া যুৱক গ্ৰেপ্তাৰ

হোজাইত নিজকে জেহাদী বুলি পৰিচয় দিয়া যুৱক গ্ৰেপ্তাৰ

আনছাৰিয়ে নিজৰ ফেচবুক পেজত কৰিছিল ৰাষ্ট্ৰবিৰোধী মন্তব্য

আনছাৰিয়ে নিজৰ ফেচবুক পেজত কৰিছিল ৰাষ্ট্ৰবিৰোধী মন্তব্য

আনছাৰিয়ে নিজৰ ফেচবুক পেজত কৰিছিল ৰাষ্ট্ৰবিৰোধী মন্তব্য

  • Share this:

একাংশ যুৱকে জেহাদী মনোভাবৰ পৰিচয় দি সামাজিক মাধ্যমত কৰি আহিছিল বহু বিতৰ্কিত পোষ্ট। ইয়াৰ মাজতে হোজাই আৰক্ষীৰ তৎপৰতাত এনে এজন যুৱক হোজাই আৰক্ষীৰ জালত পৰাৰ পিছত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।


হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত পাঞ্জাবী বস্তি নিৱাসী প্ৰয়াত আব্দুছ ছুহমৰ পুত্ৰ ফাৰুক আহমেদ আনছাৰিয়ে নিজৰ ফেচবুক পেজত কৰিছিল ৰাষ্ট্ৰবিৰোধী মন্তব্য। এই মন্তব্য দেখি হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত যুৱকজনৰ বিৰুদ্ধে  হোজাই থানাত ৫৮০/২১ নম্বৰত ৰুজু কৰা হয় এক গোচৰ।


সেইমতে হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিয়ে  ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰি চলাই আছে জেৰা। উল্লেখ্য যে ধৃত যুৱক ফাৰুক আহমেদ আনছাৰিয়ে  নিজৰ ফেচবুক পেজত তালিবান চৰকাৰৰ এখন ফটো দিয়াৰ লগতে তেওঁ ডুবাইত থাকে আৰু ২০১৭ চনত জেহাদৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বুলিও কৰে উল্লেখ।


ইয়াৰ উপৰি এই কাৰ্যত অসমৰ বহুতকে জড়িত কৰোৱা বুলি উল্লেখ কৰি অসম আৰক্ষীয়ে  একো কৰিব নোৱাৰে বুলিও ফেচবুক পোষ্টত লিখিছিল। শেষত অসম আৰক্ষীৰ জালত পৰাৰ পিছত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Published by:Gautam Barman
First published: