• Home
  • »
  • News
  • »
  • crime
  • »
  • Fake Medical Bills: অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৩৬ গৰাকী বিষয়া কৰ্মচাৰীক নিলম্বন

Fake Medical Bills: অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৩৬ গৰাকী বিষয়া কৰ্মচাৰীক নিলম্বন

অৱশেষত APDCL ৰ চাকৰিৰ পৰা নিলম্বন ৩৬ গৰাকী বিষয়া কৰ্মচাৰী ৷ ধন আত্মসাৎ কৰা ৩৬ কৰ্মচাৰীৰ ২৯ বিষয়া কৰ্মচাৰীয়ে ধন উভতাই দিছে যদিও ৭ গৰাকীয়ে মুঠ ৫৬ লাখ ৫৪ হাজাৰ ৮ টকা এতিয়াও দিয়া নাই ৷

  • Share this:
ঠক, প্ৰৱঞ্চক একাংশ চৰকাৰী কৰ্মচাৰী ৷ চৰকাৰী বিষয়া কৰ্মচাৰীৰ এইবাৰ চিকিৎসা জালিয়াতি ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেফাৰেল আবেদন অবিহনে বিভাগত দাখিল স্বাস্থ্য বিল ৷ ভুৱা ৰেফাৰেল নথিৰে ৩৬ বিষয়া কৰ্মচাৰীৰ আত্মসাৎ ১ কোটি ৪৬ লাখ ৭২ হাজাৰ ৪ শ ৫১ টকা !

চৰকাৰী ৰাজহেৰে উচ্চ হাৰত দৰমহা লৈ হেপাহ নোপোলোৱা কৰ্মচাৰীক লাগে অসৎ উপায়ৰ ধন ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে প্ৰমাণ কৰা তেনে তথ্য ৰাজহুৱা হোৱা পিছতে অৱশেষত APDCL ৰ চাকৰিৰ পৰা নিলম্বন ৩৬ গৰাকী বিষয়া কৰ্মচাৰী ৷ ধন আত্মসাৎ কৰা ৩৬ কৰ্মচাৰীৰ ২৯ বিষয়া কৰ্মচাৰীয়ে ধন উভতাই দিছে যদিও ৭ গৰাকীয়ে মুঠ ৫৬ লাখ ৫৪ হাজাৰ ৮ টকা এতিয়াও দিয়া নাই ৷ উল্লেখ্য যে বিভাগৰ সমান্তৰালকৈ ভঙাগড়, ৰঙিয়া আৰক্ষীয়ে অব্যাহত আছে চিকিৎসা ৰেফাৰেল বিল তদন্ত ৷ চিকিৎসাৰ ভুৱা ৰেফাৰেল পত্ৰ যোগান ধৰি নিলম্বন হোৱা তালিকাত আছে AGM পৰ্য্যায়ৰ বিষয়াও।
Published by:Kokil Sarma
First published: