உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Officer Arrested for Taking Bribe : ১৫০০০ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া, ঘৰৰ পৰা উদ্ধাৰ বিশাল পৰিমাণৰ নগদ ধন

    Officer Arrested for Taking Bribe : ১৫০০০ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া, ঘৰৰ পৰা উদ্ধাৰ বিশাল পৰিমাণৰ নগদ ধন

    Officer Arrested for Taking Bribe : নাজিৰা শিক্ষা খণ্ডৰ এজন শিক্ষা বিষয়াই এগৰাকী শিক্ষয়িত্ৰীৰ পৰা ১৫০০০ টকা উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে ৷

    • Share this:
    বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান (Operation Against Corruption) এতিয়া তীব্ৰতৰ হৈ আছে ৷ এইবাৰ শিৱসাগৰ জিলাৰ নাজিৰা (Nazira)ত চলিল অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখা (Anti Corruption Branch)ৰ অভিযান ৷ নাজিৰা শিক্ষা খণ্ডৰ এজন শিক্ষা বিষয়াই এগৰাকী শিক্ষয়িত্ৰীৰ পৰা ১৫০০০ টকা উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে ৷

    দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা শিক্ষা বিষয়াগৰাকী হৈছে নবুল ইছলাম। নবুল ইছলামক গ্ৰেপ্তাৰৰ পিছতে শিক্ষা বিষয়াজনৰ ঘৰতো অভিযান চলায় অভিযানকাৰী দলটোৱে ৷ নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ সহ পৰিদৰ্শক নবুল ইছলামৰ ভাড়া ঘৰত প্ৰায় চাৰিঘণ্টা সময় তালাচী চলোৱা হয়।  বিষয়াজনৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিছে বহু নথি-পত্ৰ আৰু নগদ  ধন (Cash Seized) ৷

    উল্লেখ্য যে সোণাপুৰ মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিজুমনি বৰুৱাক ১৫০০০ টকা দাবী কৰিছিল আৰু আজি উৎকোচ লোৱাৰ সময়তে বিষয়াজনক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: