হোজাইত লাট মণ্ডল গ্ৰেপ্তাৰ
Lat Mandal Arrested : মাটি বিক্ৰীৰ অনুমতি উলিয়াই দিয়াৰ নামতএজন যুৱকৰ পৰা লাট মণ্ডল দেবানন্দ বৰাই দাবী কৰিছিল ৩ হাজাৰ টকা।
হোজাইত চক্ৰ বিষয়া (Hojai Revenue Circle)ৰ কাৰ্যালয়ত আজি চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল (Lat Mandal) দেবানন্দ বৰা। ঘোচখোৰ মণ্ডলজনে জিৎদ্বীপ বৰা নামৰ এজন স্থানীয় যুৱকৰ পৰা মাটি বিক্ৰীৰ অনুমতি উলিয়াই দিয়াৰ নামত যোৱা ১৫ ডিচেম্বৰত দাবী কৰিছিল ৩ হাজাৰ টকা। সেইমতে মণ্ডলজনে ২৫০০ টকাত যুৱকজনৰ সৈতে কৰিছিল বন্দোবস্তি। আগধন হিচাপে আজি ১ হাজাৰ টকা লোৱাৰ সময়তে মণ্ডল জনক কাৰ্যলয়তে হাতে-লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিৰ্বাৰক শাখা (Anti Corruption Branch)ৰ ১১ জনীয়া এটা দলে ।
কেইবাঘণ্টা ধৰি চলোৱা জেৰাৰ অন্তত ধৃত লাট মণ্ডল দেবানন্দ বৰাক লগত লৈ সন্ধিয়া গুৱাহাটীলৈ ৰাওনা হয় দুৰ্নীতি নিবাৰক শাখাৰ দলটো। উল্লেখযোগ্য যেে হোজাই চক্ৰ বিষয়া কাৰ্যলয়ত দালালি কৰা কেইবাটাও দালাল জে'ললৈ গৈছিল যদিও কাৰ্যালয়টোত টকা অবিহনে অধিকাংশ মণ্ডলে কৰা নাছিল কাম। কাম কৰি দিয়াৰ নামত উৎকোচ লৈ অৱশেষত এগৰাকী মণ্ডল দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পিছত কাৰ্যলয়টোৰ কৰ্মচাৰীৰ মাজত লাগে হুৱা-দূৱা।
উল্লেখ্য যে জে'লৰ পৰা ওলাই অহা বহু দালালে পুনৰ হোজাই চক্ৰ বিষয়া কাৰ্যলয়ত দালালি কৰি থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আজি এটা লাটমণ্ডল উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাত কাৰ্যালয়টোত চলি থকা দুৰ্নীতিৰ এয়া মাথোঁ এটা উদাহৰণ বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|